অসম

assam

Assam devotees looted in Dumka : ঝাৰখণ্ডত অসমৰ তীৰ্থ যাত্ৰীক লুটপাত, এজনক গ্ৰেপ্তাৰ

By

Published : Aug 6, 2022, 2:20 PM IST

Assam devotees looted in Dumka

অসমৰ ৬ জনীয়া তীৰ্থযাত্ৰীক লুটি লৈ গ'ল ডকাইতৰ দলে । সোণৰ আঙুঠিসহ প্ৰায় ২৫,০০০ টকা লৈ গ'ল ডকাইতে (Assam devotees looted in Jharkhand)। ইতিমধ্যে ঘটনা সন্দৰ্ভত ডকাইতৰ দলটোৰ এটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

নেশ্যনেল ডেস্ক,৬ আগষ্ট :ঝাৰখণ্ডৰ দুমকা জিলাত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । অসমৰ পৰা যোৱা তীৰ্থযাত্ৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে সোণৰ আঙুঠিসহ নগদ ধন (Assam devotees robbed in Jharkhand)। ঘটনাক সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা ডকাইতক ।

উল্লেখ্য যে অসমৰ তীৰ্থযাত্ৰীৰ দলটো বাসুকীনাথৰ পৰা দুপৰীয়া তাৰাপীঠ অভিমুখে গৈ আছিল । কিন্তু সেই সময়তে কাজলাদাহা অঞ্চলত তেওঁলোকৰ বাহনৰ সন্মুখত বাঁহ আৰু খেজুৰ গছ পেলাই দিয়ে । পথটো বন্ধ কৰি প্ৰায় ৮-১০ জনীয়া ডকাইতৰ দলটোৱে অসমৰ তীৰ্থযাত্ৰীৰ দলটোক লুটপাত কৰে ।

ঝাৰখণ্ডত অসমৰ তীৰ্থ যাত্ৰীক লুটপাত

ডকাইতৰ দলটোৱে সোণৰ আঙুঠিকে ধৰি ছয় ভক্তৰ পৰা প্ৰায় ২৫,০০০ টকা লুটি লৈ যায় । ডকাইতৰ সদস্যকেইটাৰ হাতত লাঠি, চুৰি আৰু কুঠাৰ আদি আছিল বুলি ভুক্তভোগীসকলে উল্লেখ কৰিছে । ইফালে ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

শিকাৰীপাৰা আৰক্ষীয়ে জনোৱা মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত চামচুৰ শ্বেখ নামৰ এজন ৬৫ বছৰীয়া লোকক ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । চামছুৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বালিয়া গাঁৱৰ বাসিন্দা । জানিব পৰা মতে ভক্তসকলৰ ভিতৰত অসমৰ গৌৰীপুৰৰ বাসিন্দা অমিত কুমাৰ শৰ্মাই শিকাৰীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী জনাইছে ।

শিকাৰীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰবিন্দ কুমাৰে এই সন্দৰ্ভত কয় যে গ্ৰেপ্তাৰ হোৱা চামছুৰে অসমৰ পৰা যোৱা ভক্তসকলক লুণ্ঠনৰ সৈতে জড়িত আন সহযোগীৰ নাম প্ৰকাশ কৰিছে । চামছুৰৰ পৰা কিছু টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Murder in Biswanath: বিশ্বনাথত স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

ABOUT THE AUTHOR

...view details