ETV Bharat / bharat

ছত্তীশগড়ৰৰ আবুঝ্মাদত নিৰাপত্তাৰক্ষীৰ গুলীত ধৰাশায়ী 7 নক্সালবাদী - encounter IN BASTAR

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:02 PM IST

ছত্তীশগড়ৰৰ আবুঝ্মাদত নিৰাপত্তাৰক্ষীৰ গুলীত ধৰাশায়ী 4 নক্সালবাদী
ছত্তীশগড়ৰৰ আবুঝ্মাদত নিৰাপত্তাৰক্ষীৰ গুলীত ধৰাশায়ী 4 নক্সালবাদী

NAXAL ENCOUNTER IN BASTAR : নাৰায়ণপুৰৰ আবুঝ্মাদত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োপক্ষৰ পৰা প্ৰচণ্ড গুলীচালনাৰ মাজতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত মুঠ 7 নক্সালবাদী ৷ এই নক্সাল এনকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে বস্তাৰ আই জি সুন্দৰৰাজ পিয়ে ৷

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : আকৌ এবাৰ ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বস্তাৰ সংমণ্ডলৰ নাৰায়ণপুৰ জিলাত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘটিত হোৱা এক গুলীয়াগুলীৰ ঘটনা পোহৰলৈ আহিছে ৷ এই এনকাউণ্টাৰ সংঘটিত হয় নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদৰ অন্তৰ্গত টেকমেটাৰ সমীপৰ ছত্তীশগড়-মহাৰাষ্ট্ৰ সীমান্ত অঞ্চলত ।

পুৱাই লাভ কৰা তথ্য অনুসৰি, ভাৰতীয় জোৱানে 4 জন নক্সালবাদীক হত্যা কৰিছে । অৱশ্যে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই গুলীয়াগুলীত 7 জন নক্সালবাদী নিহত হৈছে । ইতিমধ্যে ঘটনাস্থলীৰ পৰা 2 গৰাকী মহিলাসহ মুঠ 7 গৰাকী নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই কথা নিশ্চিত কৰিছে বাষ্টাৰ আই জি সুন্দৰৰাজ পিয়ে ।

ভাৰতীয় জোৱান আৰু নক্সালবাদীৰ মাজত মুখামুখি অব্যাহত আছে :

বাষ্টাৰ আই জি সুন্দৰৰাজ পিৰ পৰা নাৰায়ণপুৰৰ এছ পি প্ৰভাত কুমাৰে এই এনকাউণ্টাৰ ঘটনাৰ ওপৰত চকু ৰাখিছে । লগতে বহু ঠাইত নক্সালবাদীক সৈনিকে ঘেৰাও কৰা খবৰ পোৱা গৈছে । এতিয়াও নাৰায়ণপুৰ-কংকৰ-মহাৰাষ্ট্ৰ সীমান্তত চলি আছে ডি আৰ জি, এছ টি এফৰ জোৱান আৰু নক্সালবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা ।

ভাৰতীয় সৈন্যৰ হাতত নিহত ৪ জন নক্সালবাদী :

নাৰায়ণপুৰ ডি আৰ জি আৰু এছ টি এফৰ যুটীয়া দলটোৱে নক্সালবাদীৰ বিৰুদ্ধে চলায় অভিযান । জানিব পৰা মতে, নিৰাপত্তাৰক্ষী বাহিনীৰ লোকে আবুঝামদৰ বনাঞ্চলত তালাচী অভিযানত নামি পৰিছিল । তেতিয়াই জোৱান আৰু নক্সালবাদীৰ মাজত এই মুখামুখি সংঘৰ্ষ সংঘটিত হয় ।

এই গুলীয়াগুলীত জোৱানৰ হাতত মুঠ 7 জন নক্সালবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে জোৱানসকলে উক্ত স্থানৰ পৰা বিপুল পৰিমাণৰ নক্সালীয় সামগ্ৰীৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনকি এই এনকাউণ্টাৰত বহু নক্সালবাদীও আহত হোৱা বুলি দাবী কৰিছে নএই অভিযগনত নিয়োজিত জোৱানসকলে ।

লগতে পঢ়ক :

ছত্তীশগড়ৰ বস্তাৰত নিৰ্বাচন বিৰোধী কাৰ্যকলাপ মাওবাদীৰ - Lok Sabha Election 2024

ছোটাবেটিয়া এনকাউন্টাৰক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ: ২৯ টা নক্সাল নিহত - Kanker encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.