অসম

assam

Owaisi challenges Rahul: লোকসভা নিৰ্বাচনত হায়দৰাবাদৰ পৰা অৱতীৰ্ণ হ’বলৈ ৰাহুল গান্ধীক প্ৰত্যাহ্বান ওৱেইছিৰ

By ANI

Published : Sep 25, 2023, 7:29 AM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰত্যাহ্বান AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ ৷ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত ৱায়ানাদৰ পৰা নহয়, হায়দৰাবাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে কয় AIMIM ৰ মুৰব্বীগৰাকীয়ে । হায়দৰাবাদত এখন ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰেি এই মন্তব্য আগবঢ়ায় আছাদুদ্দিন ওৱেইছিয়ে ৷

Asaduddin Owaisi vs Rahul Gandhi
2024 বৰ্ষৰ লোকসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ:কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ ৷দেওবাৰে হায়দৰাবাদত এখন ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰে AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে ৷ ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰি AIMIM ৰ মুৰব্বীগৰাকীয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনায় ৷ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত ৱায়ানাদৰ পৰা নহয়, হায়দৰাবাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে কয় AIMIM ৰ মুৰব্বীগৰাকীয়ে ।

আছাদুদ্দিন ওৱেইছিৰ সংসদীয় সমষ্টি হায়দৰাবাদত এখন ৰাজহুৱা সমাৱেশত ভাষণ দি কংগ্ৰেছ সাংসদগৰাকীলৈ আগবঢ়ায় এই প্ৰত্যাহ্বান । দলটোৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ আছাদুদ্দিন ওৱেইছিয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা বাবৰি মছজিদ কংগ্ৰেছৰ শাসনত ভাঙি পেলোৱা হ’ল বুলিও কয় ।

আছাদুদ্দিন ওৱেইছিয়ে কয়, "মই আপোনালোকৰ নেতাক (ৰাহুল গান্ধী)ক প্ৰত্যাহ্বান জনাইছো ৱায়ানাদৰ পৰা নহয় হায়দৰাবাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হওক । আপুনি ডাঙৰ ডাঙৰ বক্তব্য দি থাকে । কংগ্ৰেছৰ মানুহে বহু কথা ক'ব, কিন্তু মই সাজু ৷ কংগ্ৰেছৰ শাসনত বাবৰি মছজিদ আৰু সচিবালয়ৰ মছজিদ ভাঙি পেলোৱা হৈছিল...৷ "

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে নেতৃত্ব দিবলৈ চেষ্টা চলাইছে তেলেংগানাত কংগ্ৰেছ আৰু AIMIMৰ মাজত তৰ্কযুদ্ধ ।

চলিত মাহৰ আৰম্ভণিতে তেলেংগানাৰ টুক্কুগুডাৰ বিজয়াভেৰী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টি, ভাৰত ৰাষ্ট্ৰ সমিতি, আৰু AIMIMয়ে তেলেংগানাত একেলগে কাম কৰি আছে আৰু তেওঁৰ দলে এই সমূহৰ বিৰুদ্ধে যুঁজি আছে ।

ৰাহুল গান্ধীয়ে কৈছিল, "তেলেংগানাত কংগ্ৰেছ দলে বি আৰ এছৰ বিৰুদ্ধে নহয়, বি আৰ এছ, বিজেপি আৰু এ আই এম আই এমৰ সৈতে যুঁজিছে । তেওঁলোকে নিজকে বেলেগ বেলেগ দল বুলি কয় যদিও তেওঁলোকে ঐক্যবদ্ধভাৱে একেলগে কাম কৰি আছে ।"

ৱায়ানাদৰ সাংসদগৰাকীয়ে লগতে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক “নিজৰ মানুহ” বুলি গণ্য কৰাৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও বা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে চিবিআই-ইডিৰ কোনো গোচৰ নাই ।

লগতে পঢ়ক:Rahul Gandhi on upcoming election : 'নিৰ্বাচনমুখী ৰাজ্যবোৰত বিজেপি সফল হ'ব নোৱাৰে'-ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details