অসম

assam

Kirandeep Kaur detained : অমৃতপাল সিঙৰ পত্নীক আটক

By

Published : Apr 20, 2023, 4:28 PM IST

অমৃতসৰ বিমানবন্দৰত অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰক আটক কৰাৰ খবৰ পোৱা গৈছে (Kirandeep Kaur detained)। ১.৩০ বজাত লণ্ডনলৈ যাবলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁক আৰক্ষীয়ে আটক কৰে । অৱশ্যে আৰক্ষীয়ে এতিয়াল এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰি আছে ।

Kirandeep Kaur detained
অমৃতপাল সিঙৰ পত্নীক আটক

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল :প্ৰায় এমাহ ধৰি ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী তথা খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Operation against Amritpal Singh)। ইতিমধ্যে আৰক্ষীয়ে অমৃতপাল সিঙৰ সহযোগী তথা খালিস্তানৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ মাজতে অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰকো আৰক্ষীয়ে আটক কৰিছে (Amritpal wife detained)। অমৃতসৰ বিমানবন্দৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে আটক কৰে কিৰণদীপ কৌৰক ।

আৰক্ষী সূত্ৰৰ মতে অমৃতপাল সিঙৰ পত্নীয়ে লণ্ডনলৈ যোৱাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে তাৎক্ষণিকভাৱে অমৃতপাল সিঙৰ পত্নীক আটক কৰে (Amritpal wife detained at Amritsar airport)। ইফালে পত্নীক আটক কৰাৰ লগে লগে শীঘ্ৰেই অমৃতপাল সিঙো আৰক্ষীৰ জালত পৰিব বুলি ধাৰণা কৰা হৈছে ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আৰক্ষীয়ে বৃহস্পতিবাৰে গুৰু ৰাম দাস জী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কিৰণদীপ কৌৰক আটক কৰে । ইমিগ্ৰেচন বিভাগৰ দ্বাৰা সোধা-পোছাৰ পাছত, আৰক্ষীয়ে তেওঁক আটক কৰে । অৱশ্যে, আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । কিৰণদীপ কৌৰে পুৱা ১১.৩০ বজাত অমৃতসৰ বিমানবন্দৰত উপস্থিত হৈছিল । দুপৰীয়া ১.৩০ বজাৰ বিমানেৰে লণ্ডনলৈ যোৱাৰ কথা আছিল কৌৰৰ ।

উল্লেখ্য যে যে কিৰণদীপ কৌৰ এগৰাকী এনআৰআই (Wife of Amritpal Singh)। তেওঁৰ বিৰুদ্ধে ব্ৰিটেইনৰ বব্বৰ খালছাৰ সৈতে জড়িত থকা আৰু পঞ্জাৱত পুঁজি যোগান ধৰাৰো অভিযোগ আছে । অৱশ্যে, কিৰণদীপে এই অভিযোগবোৰ অস্বীকাৰ কৰিছে । ইমিগ্ৰেচনৰ দ্বাৰা জেৰাৰ সময়ত কিৰণদীপে কয় যে তেওঁ আইনীভাৱে ভাৰতত বাস কৰি আছে আৰু তেওঁ ইয়াত ১৮০ দিনহে থাকিব পাৰে ।

অমৃতপাল পলাতক হোৱাৰ পাচত, কিৰণদীপ কৌৰে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ অমৃতপাল এৰি নাযায় । তেওঁ কৈছিল যে, অমৃতপালে কেৱল ধৰ্মৰ প্ৰচাৰ কৰি আছিল । তেওঁ একো ভুল কৰা নাই । স্বামীক নিৰ্দোষী বুলি দাবী কৰিছিল পত্নী কৌৰে । পত্নীয়ে দাবী কৰিছিল যে অমৃতপালে সদায় যুৱকসকলক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰিছিল আৰু স্বামীৰ বিৰুদ্ধে মিছা অভিযোগ দিয়া হৈছে বুলিও তেওঁ দাবী কৰিছিল ।

লগতে পঢ়ক :Umesh Pal Murder Case: আতিক আহমেদ গেঙৰ দুধৰ্ষ অপৰাধী আছাদ কালিয়াক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details