ETV Bharat / bharat

Umesh Pal Murder Case: আতিক আহমেদ গেঙৰ দুধৰ্ষ অপৰাধী আছাদ কালিয়াক গ্ৰেপ্তাৰ

author img

By

Published : Apr 20, 2023, 11:26 AM IST

আতিক আহমেদ গেঙৰ সৈতে জড়িত ভয়ংকৰ অপৰাধী আছাদ কলিয়াক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ দুটাকৈ গোচৰত অভিযুক্ত আছাদ কালিয়া পলাতক অৱস্থাত আছিল ৷ আৰক্ষীয়ে দুৰ্বৃত্তটোৰ হাতৰ পৰা এটা পিষ্টল আৰু কেইবাটাও কাৰ্টিজ উদ্ধাৰ কৰে (Criminal Asad Kalia Arrested) ৷

Criminal Asad Kalia Arrested
আৰক্ষীৰ জালত আতিক গেঙৰ দুধৰ্ষ অপৰাধী

নিউজ ডেস্ক, 20 এপ্ৰিল: আতিক আহমেদ গেঙৰ সৈতে জড়িত ভয়ংকৰ অপৰাধী আছাদ কলিয়াক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ মহম্মদ আছাদ ওৰফে আছাদ কালিয়া নামেৰে পৰিচিত এই দুৰ্বৃত্তটোক আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল ৷ আতিক আহমেদ গেঙৰ সৈতেও জড়িত হৈ আছিল আছাদ কালিয়া ৷ দুটাকৈ গোচৰত অভিযুক্ত আছাদ কালিয়া পলাতক অৱস্থাত আছিল ৷

এই দুৰ্বৃত্তটোক আৰক্ষীয়ে বিচৰা থকা বুলি ঘোষণা কৰি ইয়াৰ ওপৰত ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ঘোষণা কৰা পুৰস্কাৰৰ পৰিমাণ ৫০ হাজাৰলৈ বৃদ্ধি কৰা হয় ৷ বুধবাৰে কাৰেলী আৰক্ষী থানা এলেকাত আছাদ কালিয়াক ঘেৰি ধৰি আৰক্ষীয়ে আটক কৰে ৷ আছাদ কালিয়া সন্দৰ্ভত তথ্য পোৱাৰ পিচতেই আৰক্ষীৰ এটা দলে আছাদ কলিয়াক ঘেৰাও কৰিবলৈ ৰাওনা হৈছিল ৷ আছাদক ধৰাৰ পাচত আৰক্ষীয়ে দুৰ্বৃত্তটোৰ হাতৰ পৰা এটা পিষ্টল আৰু কেইবাটাও কাৰ্টিজ উদ্ধাৰ কৰে (Criminal Asad Kalia Arrested) ৷

পলাতক অৱস্থাত থকা আছাদ কলিয়াক আটক কৰিবলৈ আৰক্ষীৰ অনুসন্ধান তীব্ৰতৰ হৈ পৰিছিল ৷ ইফালে আছাদৰ ওপৰত ঘোষণা কৰা পুৰস্কাৰৰ পৰিমাণ ৫০ হাজাৰলৈ বৃদ্ধি কৰা হয় ৷ ইয়াৰ পিচত আৰক্ষীৰ লগতে এছ টি এফৰ দলেও আছাদৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে ৷ জানিব পৰা গৈছে যে আছাদ কলিয়া দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ৷ উমেশ পাল হত্যাকাণ্ডৰ গোচৰৰ পিচত ঘটনাটো সংঘটিত কৰাত সহায়ক হিচাপে আছাদৰ নামো চৰ্চালৈ আহে ৷

তেতিয়াৰ পৰাই আৰক্ষীয়ে এই দুৰ্বৃত্তটোক বিচাৰি অভিযান চলাই আছিল ৷ কেৱল এয়াই নহয়, আৰক্ষীৰ লগতে এছ টি এফৰ দলটোৱেও ডেৰ মাহতকৈ অধিক সময় আছাদক বিচাৰি আছিল ৷ কিন্তু, অহৰহ অৱস্থান সলনি হোৱাৰ বাবে আছাদক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল ৷ একে সময়তে আৰক্ষীৰ দলটোৱে বুধবাৰে আছাদ কালিয়া প্ৰয়াগৰাজত উপস্থিত হোৱাৰ সঠিক তথ্য লাভ কৰিছিল ৷ ইয়াৰ পিচত আৰক্ষীয়ে ঘেৰাও কৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰে আছাদক ৷ পৰৱৰ্তী সময়ত আইনী ব্যৱস্থা সম্পূৰ্ণ কৰি জেললৈ প্ৰেৰণ কৰা হয় আছাদক (Umesh Pal Murder Case) ৷

ডিচিপি চি টি দীপক ভূকৰে কয় যে ধৃত আছাদ কালিয়া এটা ভয়ংকৰ অপৰাধী আৰু তাৰ বিৰুদ্ধে কৰ্ণেলগঞ্জৰ লগতে ধূমনগঞ্জ থানাতো গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ লগতে আছাদৰ ওপৰত ৫০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হয় ৷ সূত্ৰৰ পৰা জানিব পৰা মতে আছাদ কলিয়াক আতিক আহমেদে অতিশয় বিশ্বাস কৰিছিল ৷ মানুহে আতিকৰ লগতে আছাদকো বহুত ভয় কৰিছিল ৷

আৰক্ষীয়ে উমেশ পাল হত্যাকাণ্ডৰ পলাতক গুলীচালনাকাৰী ছাবিৰ, আৰমান আৰু গুড্ডু বোম্বাজৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিব আছাদ কলিয়াৰ জৰিয়তে ৷ আৰক্ষীয়ে আছাদ কলিয়াক ৰিমাণ্ডত লৈ যোৱাৰ পাচত উমেশ পাল হত্যাকাণ্ডৰ তথ্য লাভ কৰিব ৷ ঘটনাটোত আছাদৰ ভূমিকা কি আছিল, এই ঘটনাত আছাদে কেনেদৰে গেংটোক সহায় কৰাৰ ভূমিকা পালন কৰিছিল সেই বিষয়ে তথ্য আহৰণৰ চেষ্টা কৰিব আৰক্ষীয়ে (Mafia Atiq Ahmed Close Criminal Arrested) ৷

লগতে পঢ়ক: Modi Surname Remark: ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত আজি চূৰাট আদালতৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.