অসম

assam

75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

By

Published : Nov 21, 2021, 6:15 AM IST

75 Years of Independence
চৰ্দাৰ উধম সিঙক স্মৰণ

ভাৰতত স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম হৈছে চৰ্দাৰ উধম সিং । ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ তেওঁ দীঘলীয়া আৰু কঠোৰ অপেক্ষা কৰিছিল । ৰাম মহম্মদ সিং আজাদ ছদ্মনামেৰে তেওঁ জালিয়ানৱালা বাগৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিছিল ।

নেশ্যনেল ডেস্ক,21 নৱেম্বৰ:এটা সময় আছিল যেতিয়া সমগ্ৰ ভাৰততে জন্ম হৈছিল জাতীয়তাবাদী শক্তিৰ । ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ বাবে প্ৰায় দুটা শতিকা ধৰি যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সকল । স্বাধীনতাৰ বাবে ব্যাপক সংগ্ৰামৰ সাক্ষী হৈ ৰৈছিল সমগ্ৰ ভাৰতবৰ্ষ । ঔপনিৱেশিক সাম্ৰাজ্যৰ মুকুট বুলি দাবী কৰা ব্ৰিটিছসকলে সেইসময়ত ভাৰতত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

এনে সময়তে এটা নামে আতংকিত কৰি তুলিছিল ব্ৰিটিছসকলক । বিভাজন আৰু শাসকৰ নীতিকো প্ৰভাৱিত কৰিছিল সেই বিশেষ নামটোৱে । আনকি ব্যক্তিজনৰ পূৰ্বে সেই নামটোহে নি:শেষ কৰিব বিচাৰিছিল ব্ৰিটিছসকলে । সেই নামটোৱে হৈছে ৰাম মহম্মদ সিং আজাদ ।

75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

ভাৰতৰ তিনিটা প্ৰধান ধৰ্মৰ একতাক সূচায় এই বিশেষ নামটোৱে । কেৱল নামটোৱেই নহয়, নামটোৰ গৰাকীয়েও ব্ৰিটিছসকলক আতংকিত কৰি তুলিছিল । ব্ৰিটিছৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংলেণ্ড পৰ্যন্ত ভ্ৰমণ কৰিছিল শ্বহীদ-ই-আজম উধম সিঙে । ৰাম মহম্মদ সিং আজাদৰ নাম লৈয়ে জালিয়ানৱালা বাগৰ গণহত্যাৰ মাষ্টাৰমাইণ্ড মিচেল অ'ডয়াৰক হত্যা কৰিছিল উধম সিঙে ।

অ'ডয়াৰক কেক্সটন হলত হত্যা কৰি তেওঁৰ নাম ৰাম মহম্মদ সিং আজাদ বুলি মুকলিকৈ ঘোষণা কৰিছিল উধম সিঙে । স্বাধীনতা সংগ্ৰামীগৰাকীৰ নামটোৱে সেই সময়ত ব্ৰিটিছসকলৰ মূৰৰ কামোৰণি হৈ পৰিছিল । ১৮৯৯ চনৰ ২৬ ডিচেম্বৰত চাংৰুৰৰ চুনামত তেওঁ জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম আছিল শ্বেৰ সিং ।

অমৃতসৰ অনাথ আশ্ৰমত তেওঁক উধম সিং নাম দিয়া হৈছিল । ১৭ বছৰ বয়সত তেওঁ নিজৰ ভাতৃ সাধু সিঙক হেৰুৱাইছিল । উধম সিঙৰ বয়স ১৯ বছৰ থকা সময়তে জালিয়ানৱালা বাগ গণহত্যাৰ ঘটনা সংঘটিত হৈছিল । অনুষ্ঠানত পানী পৰিৱেশন কৰি থকা সময়তে গুলীবৰ্ষণ আৰম্ভ হৈছিল ।

সেই সময়ত আত্মৰক্ষাৰ বাবে তেওঁ বাছি লৈছিল এডাল গছ । নিজ চকুৰ সন্মুখতে ব্ৰিটিছসকলৰ লোমহৰ্ষক হত্যালীলা চলাইছিল । ব্ৰিটিছৰ এই বৰ্বৰতাই তেওঁক হতাশ কৰিছিল আৰু যিকোনো উপায়েৰে গণহত্যা বন্ধৰ তেওঁ প্ৰতিজ্ঞা লৈছিল । বিভিন্ন কামৰ বাবে লণ্ডনলৈ যোৱাৰ সময়তো তেওঁ নিজৰ উদ্দেশ্যৰ কথা পাহৰি যোৱা নাছিল আৰু অ'ডায়ৰক বিচাৰি ফুৰিছিল ।

উধম সিঙে ১৯২৭ চনত ভগত সিঙৰ নিৰ্দেশত পাঞ্জাৱলৈ উভতি আহিছিল । কিন্তু অস্ত্ৰ সৰবৰাহ আৰু গদাৰ দি গুঞ্জ নামৰ পত্ৰিকা বিতৰণৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁ ১৯৩১ চনলৈকে পাঁচ বছৰৰ বাবে কাৰাগাৰ আছিল । মুক্তিৰ পিছত ব্ৰিটিছ আৰক্ষীয়ে তেওঁক পৰ্যবেক্ষণত ৰাখিছিল ।

কাশ্মীৰলৈ গৈ তেওঁ নিজকে লুকুৱাবলৈ সক্ষম হৈছিল য'ৰ পৰা ১৯৩৪ চনত তেওঁ ইংলেণ্ডত উপস্থিত হৈছিল । এদিন তেওঁ মিচেল অ'ডয়াৰৰ নাম থকা এখন পোষ্টাৰ দেখিছিল য'ত লিখা আছিল কেক্সটন হলত ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যনৰ এটা অনুষ্ঠানত তেওঁ ভাষণ দিব । পোষ্টাৰখন দেখি তেওঁ নিজৰ উদ্দেশ্যৰ কথা স্মৰণ কৰিছিল ।

নিৰ্ধাৰিত তাৰিখ আৰু সময়ত তেওঁ উপস্থিত হৈছিল কেক্সটন হলত । ঘটনাস্থলীতে মৃত্যু হৈছিল মিচেল অ'ডয়াৰৰ । কিন্তু ৰাম মহম্মদ সিং আজাদৰ নামটোৱে বিভ্ৰান্ত কৰিছিল ব্ৰিটিছসকলক । ১৯৪০ চনৰ ৩১ জুলাইত ভাৰতৰ এই মহান সংগ্ৰামীগৰাকীক লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত ফাঁচী দিয়া হয় আৰু তেওঁৰ মৃতদেহ কাৰাগাৰতে সমাধিস্থ কৰা হয় ।

পাঞ্জাৱৰ তদানীন্তন মুখ্যমন্ত্ৰী গিয়ানি জাইল সিঙৰ প্ৰচেষ্টাত ইংলেণ্ডে ১৯৭৪ চনৰ ৩১ জুলাইত উধম সিঙৰ অৱশেষ ভাৰতক হস্তান্তৰ কৰে ।ইটিভি ভাৰতৰ তৰফৰ পৰাও সাহসী শ্বহীদ উধম সিং সুৰমাক স্মৰণ কৰিছো যিয়ে ব্ৰিটিছ ভূমিত গৈ ভাৰতীয় গৌৰৱ আৰু প্ৰতিৰক্ষাক বজাই ৰাখিছিল ।

লগতে পঢ়ক :Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

ABOUT THE AUTHOR

...view details