অসম

assam

কেৰালাত ৰহস্য়জনকভাৱে মৃত্য়ু কলিয়াবৰৰ যুৱকৰ - Kaliabor Youth Death In Kerala

By ETV Bharat Assamese Team

Published : May 13, 2024, 7:30 PM IST

ৰে'লত ৰহস্য়জনকভাৱে মৃত্য়ু (ETV BHARAT ASSAM)

কলিয়াবৰ, ১৩ মে’ : কেৰালা অভিমুখী এখন ৰে'লত ৰহস্য়জনকভাৱে মৃত্য়ু হৈছে জীতেন হাজৰিকা নামৰ এজন কলিয়াবৰৰ যুৱকৰ । যোৱা শুকুৰবাৰে আন চাৰিজন যুৱকৰ সৈতে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ ৰাওনা হৈছিল যুৱকজন । হায়দৰাবাদৰ পৰা নতুন কৰ্মস্থলী কেৰালা লৈ যোৱাৰ পথতে ৰহস্যজনকভাৱে মৃত্যু হয় যুৱকজনৰ । জীতেনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে-লগে তেওঁৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।  

কৰ্মৰ সন্ধানত ঘৰৰ পৰা বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ সময়তে হোৱা এনে অস্বাভাৱিক মৃত্যুত সৰগ ভাগি পৰিছে পিতৃ-মাতৃৰ । বিহুৰ সময়তে নিৰ্বাচনৰ বাবে ভোট দিবলৈ কলিয়াবৰৰ কুঠৰীৰ ঘৰলৈ আহিছিল যুৱকজন । যোৱা শুকুৰবাৰে শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছেৰে হায়দৰাবাদলৈ যাত্ৰা কৰিছিল যুৱকজনে আৰু পৰৱৰ্তী সময়ত কেৰেলা অভিমুখী আন এখন ৰে'লত যাত্ৰা কৰোতে মৃত্যু হয় যুৱকজনৰ। বৰ্তমান কেৰালাৰ এটা ৰে’ল ষ্টেচনত পৰি ৰৈছে জীতেনৰ নিথৰ দেহ।

ঘৰলৈ অহা জীতেনে শুকুৰবাৰে ৰে'লেৰে যাত্ৰা কৰিছিল নতুন কৰ্মস্থলী কেৰালাৰ বাবে । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস । ৰে’ল যাত্ৰাৰ সময়তে মৃত্যুক আঁকোৱালি ল’ব লগা হয় জীতেনে । দৰিদ্ৰ পৰিয়ালটোৱে মৃতদেহটো বাসগৃহলৈ অনাৰ বাবে সহায় বিচাৰিছে চৰকাৰ-প্ৰশাসনৰ ।

লগতে পঢ়ক: Moran Youth Death In Kerala : কেৰালাত মৰাণৰ যুৱকৰ ৰহস্যজনক মৃত্যু

লগতে পঢ়ক: পৰিয়াল পোহপাল দিবলৈ বন্ধুৰ সৈতে কাম বিচাৰি গৈছিল বহিঃৰাজ্যলৈ : উদ্ধাৰ হ'ল মৃতদেহ - Assam Youth Missing In Hyderabad

 

ABOUT THE AUTHOR

...view details