ETV Bharat / state

পৰিয়াল পোহপাল দিবলৈ বন্ধুৰ সৈতে কাম বিচাৰি গৈছিল বহিঃৰাজ্যলৈ : উদ্ধাৰ হ'ল মৃতদেহ - Assam Youth Missing In Hyderabad

Assam youth death in other state:কৰ্মসংস্থাপন বিচাৰি হাইদৰাবদলৈ গৈছিল নগাঁৱৰ যুৱক । পৰিয়াল পোহ পাল দিবলৈ বহিঃৰাজ্যলৈ যোৱা প্ৰাঞ্জলৰ পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশ । সোমবাৰে পুৱাই উদ্ধাৰ মৃতদেহ ।

Assam youth death in other state
বহিঃৰাজ্যত হেৰাল অসমৰ যুৱক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024 at 8:11 PM IST

2 Min Read
Choose ETV Bharat
বহিঃৰাজ্যত হেৰাল অসমৰ যুৱক (ETV BHARAT ASSAM)

নগাঁও, ৬ মে': কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এজন যুৱকে । যুৱকজন নগাঁৱৰ ৰাইদঙীয়াৰ প্ৰাঞ্জল বৰা । আর্থিকভাৱে কিছু দুৰ্বল প্ৰাঞ্জলৰ পৰিয়াল । এগৰাকী কন্যা সন্তানৰ পিতৃ প্ৰাঞ্জল বৰা । নিজ পৰিয়ালটোক আৰ্থিক অনাটনৰ পৰা কিছু হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে যুৱকজনে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সিদ্ধান্ত ল'লে । সিদ্ধান্ত লোৱা মতেই দুই বন্ধুৰ সৈতে তিনিদিন পূৰ্বে অৰ্থাৎ বিগত ৩ মে’ ৰাইদঙীয়াৰ বাসগৃহৰ পৰা ৰাওনা হৈছিল হাইদৰাবাদলৈ । একমাত্ৰ পেটৰ তাড়নাত দুই বন্ধু চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে প্ৰাঞ্জল বৰা কাম বিচাৰি গৈছিল বহিঃৰাজ্যলৈ ।

এদিন পূৰ্বে ছেকেন্দ্ৰাবাদত উপস্থিত হৈছিল প্ৰাঞ্জল বৰা । পৰিয়ালৰ লোকো অপেক্ষাত আছিল প্ৰাঞ্জল বৰাই কোনো কোম্পানীত কৰ্মসংস্থাপন লাভ কৰা বুলি এটা ভাল খবৰৰ আশাত । কিন্তু তেওঁৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল পৰিয়ালটোয়ে কৰ্মসংস্থাপনৰ এটা ভাল খবৰ লাভ কৰাৰ বিপৰীতে লাভ কৰিলে মূৰত সৰগ ভাগি পৰাৰ দৰে এটা খবৰহে। মাহে মাহে পৰিয়ালটোলৈ দৰমহাৰ ধন পঠিয়াব বুলি বহিঃৰাজ্যলৈ যোৱা প্ৰাঞ্জল বৰাৰ পৰিয়াললৈ আহিল তেওঁৰ মৃত্যুৰ খবৰ ।

তিনিটা দিন পূৰ্বে হাইদৰাবদলৈ বুলি ওলাই যোৱা প্ৰাঞ্জল বৰাৰ সোমবাৰে পুৱা বহিঃৰাজ্যতে উদ্ধাৰ হয় মৃতদেহ । পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা প্ৰাঞ্জল বৰাৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি জানিব পাৰে পৰিয়ালৰ লোক । শৰীৰত আঘাতৰ চিন থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ।

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা প্ৰাঞ্জল বৰাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰে পৰিয়ালটোত । আনকি বন্ধুৰ সৈতে কাম বিচাৰি বহিঃৰাজ্যলৈ যোৱা প্ৰাঞ্জলৰ মৃত্যুক যেন কোনোপধ্যেই সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে । এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰিয়েই গভীৰ শোকৰ ছাঁ পৰিছে । ইপিনে, প্ৰাঞ্জল বৰাৰ মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে ।

লগতে পঢ়ক:পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ এজন লোকে - Assam Youth Death In Other State

গেছ ভৰ্তি টেংকাৰ আৰু আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত এজন - Horrific Road Accident