Moran youth death in Kerala : কেৰালাত মৰাণৰ যুৱকৰ ৰহস্যজনক মৃত্যু

By

Published : Jan 22, 2023, 4:17 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ চাঞ্চল্যকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Mysterious death of Moran youth)। কেৰালাত কৰ্মৰত ডিব্ৰুগড় জিলাৰ মৰাণৰ এজন যুৱকৰ মৃত্যু হৈছে । মৃত্যুৰ খবৰ পোৱাৰ পাছতে যুৱকজনৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা ।

ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং নগাবাৰী বাঘতলী পথাৰ গাঁৱৰ বালি খাৰীয়াৰ প্ৰায় ২৫ বছৰীয়া পুত্ৰ তৰুণ খাৰীয়াই কৰ্মসূত্ৰে কেৰালালৈ গৈছিল । চলিত মাহৰে ৭ তাৰিখে কৰ্মসূত্ৰে কেৰালা লৈ গৈছিল তৰুণ । কিন্তু ২০ জানুৱাৰীত অসুস্থ হৈ তৰুণ খাৰীয়াৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনোৱা হয় । লগে লগে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ ভৰসা তৰুণ খাৰীয়াৰ মৃত্যুত এতিয়া ২ বছৰীয়া কন্যা সন্তানৰ সৈতে দিশহাৰা হৈ পৰিছে পত্নী । ইফালে দেওবাৰে দিনৰ ভাগলৈ তৰুণ খাৰীয়াৰ মৃতদেহটো স্বগৃহত আহি উপস্থিত হোৱা নাই । তৰুণ খাৰীয়াই কাম কৰা কোম্পানীটোৰ কৰ্তৃপক্ষই মৃতদেহটো অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

তৰুণ খাৰীয়াৰ পৰিয়ালে জনোৱা মতে আত্মীয়ৰ এজন যুৱকৰ সৈতে তৰুণ খাৰীয়াই কেৰালালৈ কামৰ সন্ধানত গৈছিল । কিন্তু কেনেকৈ তৰুণ খাৰীয়াৰ মৃত্যু হ'ল সেই কথা চিন্তা কৰি দৰিদ্ৰ পৰিয়ালটোত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । যুৱকজন সঁচাকৈয়ে অসুস্থ আছিল নেকি ? নে আন বেলেগ কাৰণত হে তৰুণ খাৰীয়াৰ মৃত্যু হৈছে । সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত (Moran youth death in Kerala)।

কেৱল কোম্পানীটোৰ কৰ্তৃপক্ষইহে তৰুণ অসুস্থ আছিল বুলি জনাইছে । কিন্তু এই কথা সহজভাৱে ল'ব পৰা নাই তৰুণৰ পত্নী আৰু পৰিয়ালে । কিয়নো ঘৰৰ পৰা যোৱা সময়ত সম্পূৰ্ণ সুস্থ আছিল তৰুণ খাৰীয়া । বহিঃৰাজ্যত বিভিন্ন সময়ত দুষ্টচক্ৰৰ বলি হৈ অসমৰ যুৱকে প্ৰাণ হেৰুৱায় । তেনে পৰিস্থিতিত তৰুণ খাৰীয়াও দুষ্টচক্ৰৰ বলি হৈছিল নেকি ? সকলোৰে মনত এতিয়া সেই একেটাই প্ৰশ্ন । ইফালে ঘটনাটোৰ খবৰ পোৱাৰ পাছতে যুৱকজনৰ জন্মস্থান মৰাণত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.