অসম

assam

পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত ৰাংছালী দলনী পথাৰ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 2:24 PM IST

পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত ৰাংছালী দলনী পথাৰ

বিশ্বনাথ, 13 মাৰ্চ : পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত হৈছে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী দলনী পথাৰ ৷ কোনো দুস্কৃতিকাৰীয়ে পথাৰখনত বিহ ঢালি পৰিভ্ৰমী পক্ষী নিধন কৰা বুলি জানিব পৰা গৈছে । মঙলবাৰে বিয়লি ভাগত বিহালীৰ ৰাংছালী-দলনী পথাৰত দুটা চাকৈ-চকোৱা জীৱন্তে আৰু দুটা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

ইয়াৰ পিচত বুধবাৰে পুনৰ কেইবাটাও মৃত পৰিভ্ৰমী চৰাই উদ্ধাৰ কৰা হয় ৰাংছালী দলনী পথাৰত । এই খবৰ বিয়পি পৰাৰ পিচত প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে স্থানীয় একাংশ সচেতন লোকে 6 টাকৈ পৰিভ্ৰমী পক্ষী অৰ্দ্ধচেতন অৱস্থাত উদ্ধাৰ কৰি ঘৰুৱা চিকিৎসা কৰাৰ লগতে বন বিভাগক গতাই দিয়ে বুলি জানিব পৰা গৈছে ।

উল্লেখনীয় যে, বিগত বৰ্ষটোত উক্ত অঞ্চলটোত পৰিভ্ৰমী পক্ষীক বিষাক্ত দ্ৰৱ্য খুৱাই দুস্কৃতিকাৰীয়ে হত্যা কৰাৰ এক অভিযোগ উত্থাপন হৈছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা বন বিভাগে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ তুলিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকে ।

এই ক্ষেত্ৰত জিলা আয়ুক্তৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই ।

লগতে পঢ়ক: ঘৰ এৰি যোৱাৰ আগত দুবাৰ ভাবক, ৰেহাই নাপালে চৰকাৰী বিষয়াও

ABOUT THE AUTHOR

...view details