অসম

assam

পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:06 PM IST

Mint farming in Assam: ধাৰাপুৰৰ মৰ্মে কলিতা নামৰ আদর্শ কৃষকজনে ২৫ বছৰ ধৰি পদিনা উৎপাদন কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । হাৰিয়ানা, বিহাৰ, মেঘালয়, মণিপুৰ আদি ৰাজ্যলৈ ৰপ্তানি এই পদিনা ।

Agriculture self independence
ৰাণী চাপৰি নেহেলিত পদিনা খেতি

ৰাণী চাপৰি নেহেলিত পদিনা খেতি

মিৰ্জা,২৩ ফেব্ৰুৱাৰী:মহানগৰীৰ সমীপতেই আছে একমাত্ৰ খিলঞ্জীয়া লোকৰ চৰ নেহেলি । ৰাণী চাপৰি নামৰ এইখন চৰ নেহেলি অৱস্থিত মহানগৰীৰ ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত । এই নেহেলি চৰত ধাৰাপুৰ, গঁড়ল, ভট্টাপাৰা, কেন্দুকুচি আদি অঞ্চলৰ বহু লোকে কৃষিৰেই উপাৰ্জন কৰি আছে । এইখন চৰ নেহেলিত খেতিয়ক সকলে বিভিন্ন খেতিৰেই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । এই সকল খেতিয়কৰ মাজৰেই এজন হৈছে ধাৰাপুৰৰ মৰ্মে কলিতা । এইজন কৃষকে বিগত ২৫ বছৰ ধৰি পদিনা উৎপাদন কৰি আহিছে । ইতিমধ্য়ে তেওঁৰ খেতিপথাৰত উৎপাদিত উন্নতমানৰ পদিনা বহিঃৰাজ্য়লৈ ৰপ্তানি কৰি সমাদৰ লাভ কৰিছে ।

ধাৰাপুৰৰ মৰ্মে কলিতা নামৰ আদর্শ কৃষকজনে প্ৰায় পাঁচ বিঘা ভূমিত পদিনাৰ খেতি কৰি আহিছে । মৰ্মে কলিতাই উৎপাদন কৰা পদিনা গুৱাহাটী মহানগৰীৰ লগতে বহিঃৰাজ্য হাৰিয়ানা, বিহাৰ, মেঘালয়, মণিপুৰ আদি ৰাজ্যলৈ ৰপ্তানি হয় । পদিনা খেতিৰ লগত জড়িত কৃষক মৰ্মে কলিতাই মাহত লক্ষাধিক টকা উপাৰ্জন কৰি নিজৰ পৰিয়ালৰ লগতে আন বহু কেইজনক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে । মহানগৰীৰ ধাৰাপুৰৰ ৰাণী চাপৰিত কৃষক মৰ্মে কলিতাই প্ৰায় ২৫ বছৰ ধৰি পদিনা উৎপাদন কৰি আহিছে যদিও চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে । পদিনা খেতি কৰি মহানগৰীৰ এগৰাকী কৃষকে নিজৰ লগতে বহু কেইজনক দেখুৱাইছে স্বাৱলম্বিতাৰ বাট ।

পদিনা উৎপাদনৰ বাবে প্ৰয়োজন অনুসৰি কৃষকজনে সাৰ-পানী যোগান ধৰিব লাগিব । সাৰ-পানী যোগান, প্ৰতিপালনৰ ওপৰত উপাৰ্জন নিৰ্ভৰ কৰিব । কিন্তু তেওঁ প্ৰয়োজনীয় সাৰ-পানী যোগান ধৰিব পৰা নাই বুলি কয় । পদিনা খেতি ৰাসায়নিক আৰু জৈৱিক দুয়োটা পদ্ধতিৰে কৰিব পাৰে । মৰ্মে কলিতাই জৈৱিক পদ্ধতিৰেই খেতি কৰি আহিছে । উল্লেখ্য় যে পদিনাৰ পৰা তেল, পিপাৰমেণ্ট, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য, টুথপেষ্ট, বিষনাশক, বাম, জেলি, চৰবত, চুপ, মৰ্টন, চকলেট, চুইংগাম ইত্যাদিত ব্য়ৱহাৰ কৰা হয় যদিও অসমত ইয়াৰ ব্য়ৱহাৰ সীমিত হোৱাত এইসকল খেতিয়কে প্ৰকৃত লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:উন্নত জাতৰ বগৰী খেতিৰে বছৰি লাখ লাখ টকা উপাৰ্জন

ABOUT THE AUTHOR

...view details