ETV Bharat / state

উন্নত জাতৰ বগৰী খেতিৰে বছৰি লাখ লাখ টকা উপাৰ্জন

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:29 PM IST

Agriculture Self Independence : তিনিশ জোপা উন্নত জাতৰ বগৰীৰ খেতিৰে সপোন ৰচিছে জোনাইৰ এজন উদ্যমী যুৱকে । এবছৰৰ ভিতৰতে ভাল ফল পোৱাত ওঁঠত হাঁহি বিৰিঙিছে তিলেশ্বৰ পাইতৰ ।

self reliant by cultivation
উদ্যমী যুৱক তিলেশ্বৰ পাইত

উদ্যমী যুৱক তিলেশ্বৰ পাইত

জোনাই, ২১ ফেব্ৰুৱাৰী: উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন জোনাইৰ এজন উদ্যমী যুৱকৰ । জোনাইৰ তৰাজান পথাৰৰ গৰগৰ নৈৰ পাৰত কৃষিকৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ মূৰ্কংচেলেক গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পাইতে ৷ গৰগৰ নৈৰ পাৰৰ চাৰি বিঘা ভূমিত তিনিশ জোপা উন্নত জাতৰ বগৰীৰ খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন কৃষকে ।

  • " class="align-text-top noRightClick twitterSection" data="">

চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰি জোনাইৰ মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইত নামৰ যুৱকজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত দুবছৰৰ পৰা আৰম্ভ কৰিছে উন্নত জাতৰ বগৰীৰ খেতি । কেমি জেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি মাত্ৰ এবছৰৰ ভিতৰতে ভাল ফল পোৱাত তিলেশ্বৰ পাইতৰ ওঁঠত বিৰিঙিছে সফলতাৰ হাঁহি ৷

উল্লেখ্য় যে বগৰী খেতিৰে তিলেশ্বৰ পাইতে স্বাৱলম্বী হোৱাৰ উপৰি উক্ত বগৰী খেতিত বহুজনক দিবলৈ সক্ষম হৈছে কৰ্ম সংস্থাপন ৷ অকল বগৰী খেতিয়েই নহয়, উদ্যমী যুৱক তিলেশ্বৰ পাইতে সময় সাপেক্ষে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিছে । লগতে ছাগলী পালনেৰে বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ৷

উল্লেখ্য যে ৰাজ্যজুৰি হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পিছে পিছে দৌৰি নিজৰ সময় অপচয় কৰাৰ সময়তে নিজা চাৰি বিঘা ভূমিত এইদৰে উন্নত জাতৰ বগৰী খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইতে ৷ ভবিষ্য়তে তেওঁ এই খেতিৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:নগৰতেই এজন যুৱকে কৃষিকৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.