ETV Bharat / state

নগৰতেই এজন যুৱকে কৃষিকৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 7:26 PM IST

Updated : Feb 10, 2024, 7:50 PM IST

Self Independence through Agriculture : কৃষিকৰ্মৰ জৰিয়তে প্ৰতিষ্ঠিত গোলাঘাটৰ এজন যুৱক ৷ কৃষিৰ জৰিয়তে বছৰি প্ৰায় আঠৰ পৰা ন লাখ টকা উপাৰ্জন কৰে যুৱকজনে ৷

Self Iependence through Agriculture
কৃষি কৰ্মৰ জৰিয়তে প্ৰতিষ্ঠিত এজন যুৱক

কৃষিকৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

গোলাঘাট, 10 ফেব্ৰুৱাৰী : গ্ৰামাঞ্চলত নহয় এইবাৰ নগৰতেই এজন যুৱকে কৃষিকৰ্মৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ৷ কৃষিকৰ্মৰ জৰিয়তে বছৰি প্ৰায় আঠৰ পৰা ন লাখ টকা উপাৰ্জন কৰে যুৱকজনে ৷ পঞ্চম শ্ৰেণীৰ পৰাই কৃষিকৰ্মত মনোনিৱেশ কৰি আজি সফল কৃষক হিচাপে প্ৰতিষ্ঠিত এইগৰাকী যুৱক ৷ প্ৰায় দুশ বিঘা মাটি বিভিন্ন কৃষি কৰ্মৰ জৰিয়তে বহু লক্ষাধিক টকা উপাৰ্জন কৰে এই গৰাকী যুৱ কৃষকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে গোলাঘাট ৰূপজ্যোতি নগৰ নিবাসী যদুমণি শইকীয়াই ৷ পঞ্চম শ্ৰেণীৰ পৰাই কৃষিকৰ্মৰ লগত জড়িত হোৱা যদুমণিয়ে বৰ্তমান কৃষিকৰ্মৰ জৰিয়তে বছৰি উপাৰ্জন কৰে আঠৰ পৰা ন লক্ষাধিক টকা ৷ নিজৰ লগতে কেইবাটাও পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হোৱা যুৱকজনে ধনশিৰিৰ বালিচৰত সূচনা কৰিছে কৃষি বিপ্লৱৰ ৷ প্ৰায় 200 বিঘা ভূমিত সৰিয়হ, 10 বিঘা ভূমিত আলু, 30 বিঘা ভূমিত মটৰৰ লগতে বাকী থকা ভূমিত বিলাহী, কবি, মূলা, ৰঙালাও আদি কৃষিৰে যদুমণিয়ে উপাৰ্জন কৰিছে লক্ষাধিক টকা ৷

তদুপৰি সৰিয়হ খেতিৰ লগতে যুৱকজনে পালন কৰিছে মৌ ৷ মৌ বিক্ৰীৰেও উপাৰ্জন কৰিছে যুৱক জনে ৷ নগৰৰ মাজমজিয়াত বসবাস কৰা লোকসকলৰ বাসগৃহৰ সন্মুখত সাধাৰণতে বিলাসী গাড়ী ৰখোৱা হয় যদিও যদুমণিৰ ঘৰৰ চোতালত দেখা যায় টেক্টৰকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী ৷ যদুমণিৰ এই কৃষি কৰ্মত গোলাঘাট কৃষি বিভাগে যথেষ্ট সহায়-সহযোগিতা আগবঢ়াই আহিছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, যি সময়ত একাংশ যুৱকে কৰ্ম সংস্থাপন আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়ত যদুমণিয়ে কৃষিকৰ্মৰ জৰিয়তে নিজৰ লগতে সংস্থাপিত কৰিছে কেইবাটাও পৰিয়ালক ৷

লগতে পঢ়ক : গড়মূৰ ডাম্পিঙ গ্ৰাউণ্ডত জাবৰকো পৰ্যবসিত কৰা হৈছে সম্পদলৈ

Last Updated : Feb 10, 2024, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.