ETV Bharat / state

গড়মূৰ ডাম্পিং গ্ৰাউণ্ডত জাবৰকো পৰ্যবসিত কৰা হৈছে সম্পদলৈ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:38 PM IST

Updated : Feb 10, 2024, 7:51 PM IST

Garhmurh Dumping Ground in Jorhat :যোৰহাটৰ গড়মূডৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ থকা জাবৰে সৃষ্টি কৰিছে প্ৰদূষণ । এইবাৰ ইয়াৰ পৰা পৰিত্ৰাণ পাব যোৰহাটবাসীয়ে ।

Jorhat Dumping Ground
যোৰহাটৰ গড়মূড় ডাম্পিং গ্ৰাউণ্ড
যোৰহাটৰ গড়মূৰ ডাম্পিং গ্ৰাউণ্ড

যোৰহাট, ১০ ফেব্ৰুৱাৰী: দেশৰ লগতে ৰাজ্যৰ নগৰ অঞ্চলৰ এক বৃহৎ সমস্যা হৈছে জাবৰ নিষ্কাষণ । নিতৌ নগৰ সমূহত হাজাৰ হাজাৰ কুইণ্টল জাবৰ ওলাই যদিও বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ সুবিধা নোহোৱাৰ বাবে কোনো কোনো স্থানত এই জাবৰ পাহাৰ সদৃশ হৈ পৰিছে । লগতে ব্যাপক হাৰত প্ৰদূষণ সৃষ্টি হৈছে । অসম চৰকাৰে নগৰৰ সমূহৰ জাবৰ নিষ্কাষণৰ আঁচনি ৰাজ্যৰ কেইবাটাও স্থানত গ্ৰহণ কৰিছে । যোৰহাটতো আৰম্ভ হৈছে জাবৰ নিষ্কাষণৰ প্ৰক্ৰিয়া । উল্লেখ্য় যে বিগত সময়ত যোৰহাটৰ গড়মূড় ডাম্পিং গ্ৰাউণ্ডে ৰাইজক অতিষ্ঠ কৰি আহিছে । ইয়াৰ মাজতেই জিলাবাসীলৈ আহিছে সুখবৰ ।

যোৰহাটৰ গড়মূৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ আছে লাখ লাখ কুইণ্টল জাবৰ । প্ৰদূষণৰ লগতে এই জাবৰে পুতি পেলাইছে টোকলাই আৰু ভোগদৈ নদী । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগে এই জাবৰ নিষ্কাষণ কৰি ইয়াক সম্পদলৈ ৰূপান্তৰ কৰিছে । এই জাবৰ নিষ্কাষণ কৰি এটা অংশ জৈৱিক সাৰ আৰু প্লাষ্টিক অংশ চিমেণ্ট কাৰখানাৰ ইন্ধন হিচাপে ব্যৱহাৰৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে ইয়াৰ কাম দ্ৰুত গতিত আৰম্ভ হৈছে আৰু প্ৰায় ৫০ ট্ৰাক চিমেণ্ট কাৰখানালৈ প্ৰেৰণ কৰিছে ।

অহা ছেপ্টেম্বৰৰ ভিতৰত জাবৰ নিষ্কাষণৰ প্ৰায় শেষ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । এই স্থানত এখন পাৰ্ক গঢ়ি তোলাৰ চিন্তা কৰা হৈছে । উন্নত প্ৰযুক্তি বিদ্যাৰ জৰিয়তে জাবৰক সম্পদলৈ ৰূপান্তৰ কৰাৰ কাম দিনে-নিশাই কৰি থকা হৈছে । ফলত যোৰহাটবাসীয়ে দীৰ্ঘদিনে ভুগি থকা এক জলন্ত সমস্যাৰ পৰা মুক্ত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:ঘৰৰ জাবৰ বাটত পেলোৱা লোকৰ বাবে বেয়া দিন আহিল গুৱাহাটীত

Last Updated : Feb 10, 2024, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.