অসম

assam

১৪ সাংসদে ব্যয় কৰিব নোৱাৰিলে উন্নয়ন পুঁজিৰ ১৮.০৫ কোটি টকা

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:07 PM IST

MP Area Development Fund: অসমৰ ১৪ গৰাকী সাংসদে কার্যকাল প্রায় সম্পূর্ণ হোৱাৰ সময়তো স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ১৮.০৫ কোটি টকা ব্যয় কৰিব নোৱাৰিলে । এ আই ইউ ডি এফৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ব্যয় কৰিব নোৱাৰিলে সৰ্বাধিক ৩.৭৮ কোটি টকা । সাংসদ কুইন ওজাই ব্যয় নকৰিলে ২.৩৩ কোটি টকা। এইবাৰ মুঠ ছয়গৰাকী সাংসদে নাপালে টিকট ।

MP Area Development Fund
স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ব্যয়

গুৱাহাটী, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী । ইতিমধ্যে নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰেই ব্যস্তত‍াৰ অন্ত নোহোৱা হৈছে । আনহাতে, প্ৰায় সংখ্যক দলেই নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু প্ৰাৰ্থী সকলেও নিৰ্বাচনী ৰণত নামিছে । লক্ষণীয়ভাৱে এইবাৰ বহুকেইগৰাকী সাংসদেই নাপালে টিকট । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ৯টা বিজেপিৰ দখলত থকাৰ বিপৰীতে তিনিটা কংগ্ৰেছৰ দখলত, এটা এ আই ইউ ডি এফৰ দখলত আৰু এটা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ দখলত আছে ।

সমাগত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত বৰপেটাৰ সাংসদ আব্দুল খালেকক টিকটৰ পৰা বঞ্চিত কৰা হৈছে । সেইদৰে শাসকীয় দল বিজেপিয়ে এইবাৰ পাঁচগৰাকীকৈকৈ সাংসদক টিকট নিদিলে । বিজেপিৰ টিকটৰ পৰা বঞ্চিত পাঁচগৰাকী সাংসদ হৈছে গুৱাহাটীৰ কুইন ওজা, ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, শিলচৰৰ ৰাজদ্বীপ ৰয়, তেজপুৰৰ পল্লব লোচন দাস আৰু ডিফুৰ হৰেনছিং বে' । এই পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত দলে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইয়াৰ ভিতৰত গুৱাহাটীত বিজুলী কলিতা মেধি, তেজপুৰত ৰঞ্জিত দত্ত, শিলচৰত পৰিমল শুক্লবৈদ্য আৰু ডিফুত অমৰছিং টিচ'ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সেইদৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক কাজিৰঙা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

বিজেপিয়ে ১১খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে দুখন আসন মিত্রদল অগপক আৰু এখন ইউ পি পি এলক এৰি দিছে । প্ৰত্যকেই নিজা নিজা প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে । নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতে অসমৰ ১৪টা সমষ্টিৰ পৰা ১৪ গৰাকী সাংসদে সংসদত অসমক প্ৰতিনিধিত্ব কৰিব। এইখিনিতে প্ৰশ্ন হয় যে অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা সাংসদসকলে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য কিদৰে পালন কৰিছে। বিগত সময়ত অসমক প্ৰতিনিধিত্ব কৰা সাংসদ সকলৰ ভূমিকা কেনে আছিল । বিশেষকৈ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে থকা সাংসদ পুঁজি ব্যয় কৰাত অসমৰ সাংসদ সকল কিমানদূৰ সফল হৈছিল ।

মন কৰিবলগীয়া বিষয় যে প্ৰতিগৰাকী সাংসদে নিজৰ নিজৰ এলেকাৰ উন্নয়নৰ বাবে বছৰি ৫ কোটি টকাকৈ লাভ কৰে । অৰ্থাৎ পাঁচ বছৰত এজন সাংসদে লাভ কৰে ২৫ কোটি টকা । এই পৰিমাণ তেনেই সামান্য নহয় । সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ এই পুঁজি সম্পূৰ্ণৰূপে ব্যয় কৰাত সফল হোৱা নাই অসমৰ সাংসদসকল । অসমৰ ১৪ গৰাকী সাংসদে সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ এক বৃহৎ অংকৰ পুঁজি ব্যয় কৰাত ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে । কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ বিভাগৰ তথ্য মতে অসমৰ লোকসভাৰ ১৪ গৰাকী সাংসদে কার্যকাল প্রায় সম্পূর্ণ হোৱাৰ সময়তো তেওঁলোকৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ মুঠ ১৮.০৫ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হোৱা নাই ।

তথ্য মতে ৰাজ্যৰ ১৪ গৰাকী সাংসদে নিজৰ এলেকা উন্নয়নৰ বাবে মুঠ পাবলগীয়া পুঁজি আছিল ২৫০.৫০ কোটি টকা । ১৯ ফেব্ৰুৱাৰীলৈকে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট জিলা প্ৰশাসনলৈ মুকলি কৰে ১৪৫.৫০ কোটি টকা । অৱশ্যে জিলা প্রশাসন সমূহৰ বেংক একাউণ্টত জমাকৃত ধনৰ সুতসহ হয়গৈ ১৪৮.৭৯ কোটি টকা । ইয়াৰ ভিতৰত সাংসদসকলে দিয়া আঁচনিৰ ভিত্তিত সংশ্লিষ্ট জিলা প্রশাসনে ১৩৯.৬৭ কোটি টকা অনুমোদন দিয়ে যদিও বর্তমানেও ১৮.০৫ কোটি টকা ব্যয় কৰিবলৈ থাকি যায় । কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ বিভাগৰ তথ্য মতে, সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ সৰ্বাধিক ৩.৭৮ কোটি টকা ব্যয় কৰিবলৈ সক্ষম নহ'ল এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল । সেইদৰে গুৱাহাটী সমষ্টিৰ বিজেপি সাংসদ কুইন ওজাই ব্যয় কৰিব নোৱাৰিলে ২.৩৩ কোটি টকা ।

আনহাতে, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ব্যয় কৰা নাই ১.০৫ কোটি টকা । ইফালে, কংগ্ৰেছৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ব্যয় কৰা নাই ১.১৯ কোটি টকা । ডিফু সমষ্টিৰ বিজেপি সাংসদ হৰেনছিং বেই ব্যয় কৰিব নোৱাৰিলে ১.৬১ কোটি টকা । বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ব্যয় কৰা নাই ১.০৩ কোটি টকা। সেইদৰে ডিব্ৰুগড় সমষ্টিৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলীয়ে ব্যয় কৰা নাই ১.০২ কোটি টকা । মঙলদৈ সমষ্টিৰ বিজেপি সাংসদ দিলীপ শ‍ইকীয়াই ব্যয় কৰা নাই ১.৭৯ কোটি টকা ।

তদুপৰি যোৰহাট সমষ্টিৰ বিজেপি সাংসদ তপন কুমাৰ গগৈয়ে ১.০১ কোটি টকা ব্যয় কৰা নাই । কৰিমগঞ্জ সমষ্টিৰ বিজেপি সাংসদ কৃপানাথ মাল্লাই ব্যয় কৰা নাই ৮১ লাখ টকা । লখিমপুৰ সমষ্টিৰ বিজেপি সাংসদ প্ৰদান বৰুৱাই ব্যয় কৰা নাই ৮২ লাখ টকা । শিলচৰ সমষ্টিৰ বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ে ব্যয় কৰা নাই ২৫ লাখ টকা । তেজপুৰ সমষ্টিৰ বিজেপি সাংসদ পল্লৱলোচন দাসে ব্যয় কৰা নাই ৯১ লাখ টকা । আনহাতে ,কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ৩৯ লাখ টকা ব্যয় কৰিব নোৱাৰিলে ।

লক্ষণীয় বিষয় যে ৰাইজে বহু আশা-আকাংক্ষাৰে প্ৰতিনিধি নিৰ্বাচন কৰি সংসদ আৰু বিধানসভালৈ প্ৰেৰণ কৰে । যাতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্রত প্ৰতিনিধিগৰাকীয়ে আগভাগ ল'ব পাৰে । কিন্তু অন্য কথা বাদেই সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে প্ৰদান কৰা পুঁজিকেই ভালদৰে ব্যয় কৰিব নোৱাৰে । এক কথাত ক'বলৈ গ'লে নিৰ্বাচনত জয়ী হোৱাৰ পাছত প্ৰতিনিধিসকলে পাহৰি পেলায় সমষ্টি উন্নয়নৰ কথা । পুনৰ ১৪ গৰাকী সাংসদক ৰাইজে নিৰ্বাচন কৰি পঠাব দিল্লীলৈ। থাকিব নতুন-পুৰণি সাংসদ। এইবাৰ পুঁজি ব্যয়ৰ ক্ষেত্রত সাংসদ সকল কিমানদূৰ সফল হয় সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰণ হাতীগাঁও চাহ বাগিচাৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details