অসম

assam

যোৰহাটত ১ হাজাৰ ৬৬ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ অজন্তা নেওগৰ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 4:41 PM IST

Vikas Yatra in Assam
অসম চৰকাৰৰ বিকাশ যাত্ৰা

Vikas Yatra in Assam: ৰাজ্যত চলি আছে ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচী ৷ ইয়াৰ অংশ ৰূপে আজি যোৰহাট জিলাত ১১৬ খন আঁচনিৰ শুভাৰম্ভ কৰা হয় ।

অসম চৰকাৰৰ বিকাশ যাত্ৰা

টীয়ক, ৫ মাৰ্চ: ৰাজ্যজুৰি অব্যাহত আছে অসম চৰকাৰৰ বিকাশ যাত্ৰা ৷ এই বিকাশ যাত্ৰাৰ অংশ স্বৰূপে আজি যোৰহাট জিলাত ১ হাজাৰ ৬৬ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰা হয় । ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ ধাৰা অব্য়াহত ৰখাৰ প্ৰয়াসেৰে অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ যোৰহাট জিলাৰ মূল সভাখনি আজি টীয়কৰ জগদুৱা গায়ন গাঁৱৰ বিষ্ণু জ্যোতি কলামণ্ডলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । উক্ত সভাত বিত্ত মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ বাবে ধাৰ্য কৰা ১১৬ খন আঁচনিৰ ১ হাজাৰ ৬৬ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰে ।

উল্লেখযোগ্য যে গায়ন গাঁৱৰ সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে উক্ত আচঁনিৰ অন্তৰ্গত কলিয়াপানীত নিৰ্মাণ কৰিবলৈ লোৱা এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষত বিকাশ যাত্ৰাৰ আৰম্ভণি কৰি প্ৰায় দুই সহস্ৰাধিক লোকৰ উপস্থিতিত সভাস্থলীৰ পৰা বাগিছা অঞ্চলৰ বাবে ৭৩ খন এম্বুলেন্স, যোৰহাট নগৰত আন এখন উৰণসেতু, ঐতিহাসিক যোৰহাট নগৰৰ ক্লাৱ ৰ'ডৰ উন্নয়ন আঁচনিকে ধৰি জিলাখনৰ বহুকেইটা অত্যন্ত প্ৰয়োজনীয় আঁচনি শুভাৰম্ভ কৰে । ইপিনে, সভাস্থলীৰ কাষতে নৱ নিৰ্মিত গায়ন গাঁৱৰ পানী যোগান আঁচনিৰ উদ্বোধন কৰে নৱগঠিত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

উক্ত সভাত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়া,অগপ নেতা সৌৰভপ্ৰাণ বৰা, জিলা নগৰ উন্নয়ন বিষয়া প্ৰনৱ কুমাৰ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁৱত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা

ABOUT THE AUTHOR

...view details