অসম

assam

আই পি এলত ৩ হাজাৰ ৰান সংগ্ৰহেৰে অভিলেখ ৰচনা শুভমন গিলৰ - SHUBMAN GILL

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:45 PM IST

Fastest to 3000 runs in IPL: লাভজনক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৩,০০০ ৰান সংগ্ৰহ কৰি দ্বিতীয় দ্ৰুততম ভাৰতীয় আৰু সামগ্ৰিকভাৱে যৌথভাৱে তৃতীয় দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় শুভমন গিল। নগদ ধনেৰে সমৃদ্ধ লীগত ৯৪ সংখ্যক ইনিংছত তেওঁ এই মাইলৰ খুঁটিত উপনীত হয় ।

FASTEST TO 3000 RUNS IN IPL
FASTEST TO 3000 RUNS IN IPL

নিউজ ডেস্ক, ১০ এপ্ৰিল: গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত ৩ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । বুধবাৰে ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে হোৱা খেলখনৰ সময়ত তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।

গিলে ৯৪ সংখ্যক ইনিংছত ৩ হাজাৰ ৰানৰ সীমা অতিক্ৰম কৰাৰ লগতে দিল্লী কেপিটেলছ (ডি চি)ৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰৰ সৈতে যৌথভাৱে তৃতীয় দ্ৰুততম খেলুৱৈ হিচাপেও নগদ ধনেৰে সমৃদ্ধ লীগত কৃতিত্ব অৰ্জন কৰে । ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে তেওঁ ৯৩ টা ইনিংছত গড়ে ৩৮.১২ আৰু ষ্ট্ৰাইক ৰেট ১৩৪.৮৩ ত ২৯৭৩ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ উপৰিও তেওঁ এই প্ৰতিযোগিতাত তিনিটা শতক আৰু ১৯ টা অৰ্ধশতক সংগ্ৰহ কৰিছে ।

আই পি এলত ২৪ বছৰীয়া গিলে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ইনিংছৰ ২৭ সংখ্যক ৰান সংগ্ৰহ কৰি ৩ হাজাৰ ৰান সম্পূৰ্ণ কৰে । ৮ম অভাৰৰ পেনালটিমেট বলত যুজবেন্দ্ৰ চাহালৰ পৰা এক ৰাণ সৰকাই তেওঁ এই মাইলৰ খুঁটিত উপনীত হয় ।

ৱেষ্ট ইণ্ডিজৰ প্ৰবীণ খেলুৱৈ ক্ৰীছ গেইলে এই আকাংক্ষিত প্ৰতিযোগিতাখনৰ ইতিহাসত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে অভিলেখ গঢ়িছে । তেওঁ এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ মাত্ৰ ৭৫ টা ইনিংছ লোৱাৰ বিপৰীতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলে ৮০ ইনিংছত লেণ্ডমাৰ্কত উপনীত হৈ দ্বিতীয় স্থানত আছে ।

ইয়াৰ পূৰ্বে গিল গুজৰাট টাইটানছৰ হৈ ১৫০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় । ৪ এপ্ৰিল বৃহস্পতিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে নিজৰ দলৰ খেলৰ সময়ত তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।

কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)কো প্ৰতিনিধিত্ব কৰা গিলে গুজৰাট টাইটানছৰ হৈ শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে থিয় দিছে । তেওঁৰ যোৱা ছিজনত ৩০০ ৰাণ আছিল আৰু তেওঁৰ দলটোক শীৰ্ষ সংঘৰ্ষলৈ লৈ যোৱাত যথেষ্ট অৰিহণা যোগাইছিল । ইয়াৰ উপৰিও তেওঁ ১৭ ইনিংছত ৮৯০ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ লাভ কৰে ।

চলি থকা ১৭ সংখ্যক আইপিএলৰ পাঁচখন খেলত গুজৰাট টাইটানছৰ অধিনায়কগৰাকীয়ে গড়ে ৪৫.৭৫ আৰু আকৰ্ষণীয় ষ্ট্ৰাইক ৰেট ১৪৭.৫৮ ত ১৮৩ ৰান সংগ্ৰহ কৰিছে । তেওঁ অৰ্ধশতকো অৰ্জন কৰিছে ।

লগতে পঢ়ক:উজলিছে ৰিয়ান: গুজৰাট টাইটানছৰ বিৰুদ্ধে বিস্ফোৰক অৰ্ধশতক অৰ্জন - Riyan Parag

ABOUT THE AUTHOR

...view details