ETV Bharat / sports

উজলিছে ৰিয়ান: গুজৰাট টাইটানছৰ বিৰুদ্ধে বিস্ফোৰক অৰ্ধশতক অৰ্জন - Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 9:33 PM IST

RR VS GT LIVE
পুনৰ জিলিকি উঠিল ৰিয়ান পৰাগ

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত পুনৰ জিলিকি উঠিল ৰিয়ান পৰাগ ৷ খেলুৱৈজনে 48 টা বলৰ সন্মুখীন হৈ 76 ৰাণ সংগ্ৰহ কৰি দলক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰে ৷

স্পৰ্টছ ডেস্ক, 10 এপ্ৰিল : আই পি এল 2024ত উজলিছে অসম সন্তান ৰিয়ান পৰাগ ৷ ধাৰাবাহিক ব্যৰ্থতাৰ পিচত চলিত সংস্কৰণৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ নিয়মীয়া খেলুৱৈগৰাকী দুৰ্দান্ত প্ৰদৰ্শনেৰে উজলি উঠিছে ৷ চলিত সংস্কৰণত ধৈৰ্যশীল বেটিঙেৰে ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে অসমৰ খেলুৱৈগৰাকী ৷ বিপদৰ সময়ত ধৈৰ্যসহকাৰে খেলি দলক বিপদৰ পৰা উদ্ধাৰ কৰি জয়ৰ সোৱাদ দিছে খেলুৱৈগৰাকীয়ে ৷ ইতিমধ্যে চলিত সংস্কৰণৰ আই পি এলত কৰা শক্তিশালী প্ৰদৰ্শনেৰে সমালোচকৰ মুখ বন্ধ কৰাৰ উপৰিও ইৰফান পাঠান, সূৰ্যকুমাৰ যাদৱৰ দৰে খেলুৱৈৰ প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত পুনৰ জিলিকি উঠিল ৰিয়ান পৰাগ ৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত দলীয় 42 ৰাণতে 2 টা উইকেট হেৰুৱাই শলঠেকত পৰা ৰাজস্থান ৰয়েলছক আজি পুনৰ বিস্ফোৰক বেটিঙৰে উদ্ধাৰ কৰে ৰিয়ান পৰাগে ৷ বিস্ফোৰক বেটিঙেৰে ৰিয়ান পৰাগে দ্ৰুতমভাৱে সংগ্ৰহ কৰে অৰ্ধ শতক ৷ খেলুৱৈজনে 48 টা বলৰ সন্মুখীন হৈ 76 ৰাণ সংগ্ৰহ কৰি দলক এক শক্তিশালী স্থিতিত উপনীত হোৱাত সহায় কৰে ৷ 5 টা ছয় আৰু 3 টা চাৰিৰে ৰিয়ান পৰাগে এই বিস্ফোৰক ইনিংছ সজায় ৷

পূৰ্বৰ 4 খন মেচৰ 3 খনতে ৰিয়ান পৰাগে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ৱাংখেড়েত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মোচখনত ৰিয়ানে 39 বলত অপৰাজিত 54 ৰাণ সংগ্ৰহ কৰিছিল ৷ আজিৰ অৰ্ধশতকেৰে চলিত সংস্কৰণত ৰিয়ান পৰাগে মুঠ চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে ৷ য’ত তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ ৰাণ অপৰাজিত 84 ৷ আজিৰ মেচত তেওঁ আকৰ্যণীয় 76 ৰাণৰ এটা ইনিংছ খেলি মোহিত শৰ্মাৰ বলত পেভিলিয়নমুখী হয় ৷

লগতে পঢ়ক : পুত্ৰ ৰিয়ানৰ প্ৰদৰ্শনক লৈ সুখী অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.