লখিমপুৰ, ২৫ ফেব্ৰুৱাৰী:ভূপেন বৰাৰ কথাৰ ভেল্যু নাই বুলি লখিমপুৰত ক’লে মন্ত্ৰী অতুল বৰাই । অতুল বৰাই কয় যে ভূপেন বৰাই আজি এটা কয়, কাইলৈ বেলেগ এটা কথা কয় । কেতিয়াবা কবিতা গায় ।
দেওবাৰে লখিমপুৰৰ বগীনদীত মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ পট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ৷ উল্লেখ্য যে লখিমপুৰৰ বগীনদীত মিছন বসুন্ধৰা ২.Oৰ অধীনত লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০৮৭ গৰাকী লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰা হয় ৷ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভূমি পট্টা বিতৰন কৰে ৰাজ্যৰ পশুপালন তথা কৃষিমন্ত্ৰী অতুল বৰাই ।
লখিমপুৰ জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগেৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰদান কৰে । উপস্থিত থাকে অতিৰিক্ত সচিবৰ লগতে ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী ।