অসম

assam

লুৰীণজ্যোতি গগৈক ভণ্ড জাতীয়তাবাদী নেতা আখ্যা বিজেপি নেতাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:44 PM IST

LS polls 2024: তিনিচুকীয়াত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাই, মুখপাত্ৰ সুভাষ দত্তৰ নিৰ্বাচন সংক্ৰান্তীয় সংবাদমেল ৷ বিৰোধী মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক ভণ্ড জাতীয়তাবাদী নেতা আখ্যা সুভাষ দত্তৰ ৷

BJP election meeting
Lok Sabha Election 2024

বিজেপি নেতাৰ সংবাদমেল

তিনিচুকীয়া, ২ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে গাত তৰণি নোহোৱা হৈছে ৰাজনৈতিক দলসমূহৰ । নিজ নিজ দলৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ বাবে উঠি-পৰি লাগিছে দলীয় কৰ্মীসকল । মঙলবাৰে তিনিচুকীয়াৰ জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাই, মুখপাত্ৰ সুভাষ দত্তই এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত আগন্তুক লোকসভাৰ নিৰ্বাচনত ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত পূৰ্বে ১১ টা লোকসভা সমষ্টিত জয় হোৱাটো নিশ্চিত কৰা হৈছিল যদিও বৰ্তমান ১৩ টা লোকসভা সমষ্টিতেই জয় হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহায়ে ৷

তাৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কেইবা লাখো ভোটৰ ব্যৱধানত জয় হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত বিত্তীয় বৰ্ষত ৰাজ্যত জি বি এছ টিয়ে ৬ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে বুলি কয় সুভাষ দত্তই ৷ গতিকে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাই ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে ৷

লগতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা লুৰীণজ্যোতি গগৈক ভণ্ড জাতীয়তাবাদী নেতা আখ্যা দি তীব্ৰ সমালোচনা কৰে বিজেপি নেতাগৰাকীয়ে ৷ তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে জাতিৰ বিৰোধী আই এম ডি টি আইন বাতিল কৰিছিল বুলি প্ৰশংসা কৰি তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যকালটো বহুখিনি ৰাজ্যখনক আগুৱাই নিলে বুলি উল্লেখ কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১০০ টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে আৰু ৫ এপ্ৰিলত সৰ্বানন্দ সোণোৱালৰ হৈ তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিৰ বজালতলী চাহ বাগিছাত আৰু ডিগবৈ বিধানসভা সমষ্টিৰ বুঢ়িদিহিং পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও তেওঁলোকে জনায় ।

লগতে পঢ়ক:ভূপেন বৰাক ছাদ্দাম হুছেইনৰ সৈতে তুলনা অগপ সভাপতি অতুল বৰাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details