ETV Bharat / politics

ভূপেন বৰাক ছাদ্দাম হুছেইনৰ সৈতে তুলনা অগপ সভাপতি অতুল বৰাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:17 PM IST

AGP election campaign: ধুবুৰীত অগপৰ সাংগঠনিক সভাত সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । দলীয় প্ৰাৰ্থী জাবেদ ইছলামক লগত দলীয় সাংগঠনিক সভাত গুৰুত্বপূৰ্ণ আলোচনা দলীয় নেতৃত্বৰ ।

AGP election campaign
Lok Sabha Election 2024

ধুবুৰীত অগপৰ সাংগঠনিক সভা

ধুবুৰী, 2 এপ্ৰিল: ধুবুৰী লোকসভা সমষ্টি জয়ৰ হিচাপৰ বাহিৰত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, আন কেইবাজনো বিজেপি নেতৃত্বই হিচাপত লোৱা নাই ধুবুৰী সমষ্টি । কিন্তু তাৰ পিচতো অসম গণ পৰিষদে যেন আশা এৰা নাই । ধুবুৰীৰ সমষ্টিয়ে সমষ্টিয়ে ঘূৰি ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনকি মঙলবাৰে হেলিকপ্টাৰৰ জৰিয়তে ধুবুৰীত উপস্থিত হৈ দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তসহ দলীয় প্ৰাৰ্থী জাবেদ ইছলামে । ধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত অনুষ্ঠিত হোৱা অগপৰ সাংগঠনিক সভাত অংশ লৈ সভাপতি অতুল বৰাৰ দাবী চৈধ্যখন আসনেই পাব মিত্ৰদলে ।

ধুবুৰী আৰু বৰপেটা দুয়োটা সমষ্টিতেই অগপৰ প্ৰাৰ্থী জয়ী হৈ দিল্লীলৈ যাব বুলি দাবী কৰে অতুল বৰাই । মুখ্যমন্ত্ৰীয়ে আশা এৰিলেও ধুবুৰীৰ ৰাজনৈতিক ভেটি ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে বুলি দাবী কৰে সভাপতি অতুল বৰাই । লগতে বৰ্তমান কংগ্ৰেছৰ বিপর্যয় আহি গৈছে বুলি কৈ ভূপেন বৰাক ছাদ্দাম হুছেইনৰ লগত তুলনা কৰি কটাক্ষ কৰে অতুল বৰাই ।

কংগ্ৰেছৰ বিপর্যয় হোৱা বাবেই ইজনৰ পিচত সিজনে কংগ্ৰেছ ত্যাগ কৰি বিজেপি-অগপত যোগদান কৰিবলৈ আৰম্ভ কৰিছে বুলি কয় অতুল বৰাই । আনহাতে, প্ৰাৰ্থী জাবেদ ইছলামৰো আশা- বিপুল ভোটৰ ব্যৱধানত এইবাৰ ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হৈ দিল্লীলৈ যাব । বদৰুদ্দিন আজমলে ৰাজনৈতিক জীৱনৰ অন্তিম পৰ্যায়লৈ অহাৰ বাবেই বাঘ, ছাগলী, বিয়া আদিৰ দৰে অসংযম কথা-বতৰা কৈ আছে বুলি মন্তব্য কৰে জাবেদ ইছলামে ।

লক্ষণীয় বিষয় যে, বিজেপি দলে চৈধ্যখন আসনৰ পৰা সদায় ধুবুৰী সমষ্টিক বাহিৰত ৰখা ঘটনাক লৈ ৰাইজৰ মাজত বিৰূপ চৰ্চা হৈছে । অৱশ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচত মুখ্যমন্ত্ৰীয়ে নিজেই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু তেতিয়াহে সমষ্টিৰ সামগ্ৰিক ৰাজনৈতিক ছবি স্পষ্ট হৈ পৰিব বুলি দাবী কৰে সভাপতি অতুল বৰাই ।

এ আই ইউ ডি এফ, কংগ্ৰেছে পৃথকভাৱে জয়ৰ দাবী কৰাৰ সময়তে অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থীয়েও তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি আহিছে । যদিও সাত মে'তহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ভোটাৰ ৰাইজে ।

লগতে পঢ়ক: চীনে যদি 30 টা অঞ্চলৰ নাম সলনি কৰিছে, ভাৰতে 60 টাৰ নাম সলনি কৰক: হিমন্ত বিশ্ব শৰ্মা - INDIA CHINA CONFLICT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.