চীনে যদি 30 টা অঞ্চলৰ নাম সলনি কৰিছে, ভাৰতে 60 টাৰ নাম সলনি কৰক: হিমন্ত বিশ্ব শৰ্মা - INDIA CHINA CONFLICT
India China conflict: চীনক প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ চীনে যদি 30 টা অঞ্চলৰ নাম সলনি কৰিছে, ভাৰতে 60 টাৰ নাম সলনি কৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Published : April 2, 2024 at 7:44 PM IST
গুৱাহাটী, ২ এপ্ৰিল : চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ 30 টা স্থানৰ নাম সলনি কৰি এখন মানচিত্ৰ প্ৰকাশ কৰা সন্দৰ্ভত মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ডিফুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ভাৰত চৰকাৰক মোৰ অনুৰোধ যে ভাৰত চৰকাৰে চীনৰ তিব্বত অঞ্চলৰ বাবে 60 টা ভৌগোলিক এলেকাৰ নাম দিব লাগে । এইটো সদায় যেন কুকুৰ তেন টাঙোন হোৱা উচিত । কিন্তু মই এই বিষয়ত মন্তব্য কৰিব নিবিচাৰো কাৰণ এয়া ভাৰত চৰকাৰৰ এক নীতিগত সিদ্ধান্ত লোৱাৰ বিষয়, কিন্তু যদি তেওঁলোকে 30 টা নাম লয়, আমি 60 টাৰ নাম উল্লেখ কৰা উচিত ।"
এই মন্তব্যৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই চীনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই চীনে দাবী কৰি অহা অৰুণাচল প্ৰদেশৰ একাংশ ভৌগোলিক এলেকাক ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰে । এইক্ষেত্ৰত চীনক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত চৰকাৰৰক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।
শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি চীনে ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশ তেওঁলোকৰ বুলি দাবী কৰি ইয়াৰ ৩০ টা স্থান, ১২ টা পাহাৰৰ নতুনকৈ নামকৰণ কৰিছে । চীনৰ এনে কাৰ্যত ইতিমধ্যে ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত ইতিমধ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ বুলি স্পষ্ট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখ্য যে, অৰুণাচল প্ৰদেশক চীনে জ্যাংনান প্ৰদেশ হিচাপে দাবী কৰি ৰাজ্যখনৰ ৩০ টা স্থানৰ নাম নতুনকৈ ৰাখিছে । বেইজিঙৰ চৰকাৰী বিজ্ঞপ্তিত জ্যাংনান প্ৰদেশৰ নতুনকৈ নামকৰণ কৰা ৩০ টা স্থানৰ ভিতৰত ১১ টা আবাসিক এলেকা, ১২ টা পাহাৰ, ৪ খন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এক ভূ-খণ্ড আছে ৷
লগতে পঢ়ক: আকৌ অৰুণাচল প্ৰদেশ : কিয় চীনে আন দেশৰ ঠাইৰ নতুন নাম উদ্ভাৱন কৰি থাকে ? - INDIA CHINA CONFLICT

