অগ্নিপথ আঁচনিৰ নিযুক্তিৰ বাবে সাজু অসমৰ যুৱ প্ৰজন্ম

By

Published : Jul 17, 2022, 3:22 PM IST

thumbnail

ভাৰতীয় সেনাৰ নতুন সশস্ত্ৰ বাহিনী বহুচৰ্চিত 'অগ্নিপথ'ত যোগদানৰ বাবে সাজু হৈছে বহু সংখ্যক নিবনুৱা যুৱক-যুৱতী(Training camp for AGNIPATH Scheme at Tingkhong) । সমান্তৰালকৈ টিংখাঙৰ যুৱক-যুৱতীসকলেও অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন ৷ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত টিংখাঙৰ ২ নং চৰাইহাবি খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ প্ৰশিক্ষণ । টিংখাঙৰ বিভিন্ন প্ৰান্তৰ যুৱক- যুৱতীসকলক একত্ৰিত কৰি তেওঁলোকক অগ্নিপথ আঁচনিৰ প্ৰাকঃ নিযুক্তি শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ 17 জুলাই অৰ্থাৎ দেওবাৰে অন্ত পৰিব । এই কাৰ্যসূচীত আৰক্ষীৰ লগতে অভিজ্ঞ প্ৰশিক্ষকসকলে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে । প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় যুৱক-যুৱতীসকলক উৎসাহ আৰু প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে উদ্যোক্তা তথা প্ৰশিক্ষকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.