Aie river Erosion: খহনীয়া ৰোধৰ বাবে মাণিকপুৰত পূজা অৰ্চনা

By

Published : Jul 5, 2022, 7:57 PM IST

thumbnail

বঙাইগাঁৱত অব্যাহত আছে আই নৈৰ খহনীয়াৰ তাণ্ডৱ (Aie river Erosion in Bongaigaon) ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰীত বিগত তিনিমাহত আই নৈৰ খহনীয়াত গৃহহীন হৈছে প্ৰায় তিনি শতাধিক পৰিয়াল । নৈৰ বুকুত জাহ গৈছে এটাৰ পিছত আনটো বাসগৃহৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু পকী পথ (River has washed away houses, many institutions and paved roads)। এই খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন তথা জলসম্পদ বিভাগ । এই অভিযোগ অঞ্চলবাসীৰ ৷ উপায়ন্তৰ হৈ এতিয়া ভগৱানৰ শৰণাপন্ন হৈছে নৈপৰীয়া ৰাইজ (Puja in Manikpur to prevent Aie river Erosion)। বাশবাৰীত আই নৈৰ কাল খহনীয়া ৰোধৰ বাবে নৈপৰীয়া ৰাইজে গংগা পূজা অৰ্চনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.