বাক্সা জিলাক সকলো ক্ষেত্ৰৰ ফালৰ পৰাই আগবঢ়াই নিয়া হ'ব: মন্ত্ৰী ইউজি ব্ৰহ্ম

By

Published : May 31, 2022, 7:59 PM IST

thumbnail

মঙলবাৰে ৬৩ নং চাপাগুৰী সমষ্টিৰ বছৰেকীয়া উন্নয়নমূলক কাম-কাজ সমূহৰ খতিয়ান দাঙি ধৰাৰ(Developmental progress report of Baksa District) উদ্দেশ্যে বাক্সাত আয়োজন কৰা হয় এখনি সংবাদমেলৰ ৷ সংবাদমেলত উপস্থিত থাকে বাক্সা জিলাৰ ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ইউজি ব্ৰহ্ম(Press meet of Minister Urkhao Gwra Brahma) ৷ বাক্সাত আয়োজিত সংবাদমেলখনত সমষ্টিটোত যোৱা এটা বছৰত কেনে ধৰণৰ অগ্ৰগতি হ'ল তথা ইয়াৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান সমূহৰ কাম-কাজ, আৰ্থিক অনুদান আদিৰ বিৱৰণী দাঙি ধৰে মন্ত্ৰী ইউজি ব্ৰহ্মই ৷ লগতে সমষ্টিটোৰ অন্তৰ্গত জালাহৰ বি.বি.কিষাণ কলেজ আৰু মুছলপুৰ কলেজ উন্নয়নৰ কাৰণে ২৫ কোটিকৈ টকা আৱণ্টন দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে জিলাখনৰ উন্নয়ণৰ হকে গ্ৰহণ কৰিবলৈ লোৱা আঁচনিসমূহৰ বিষয়েও বিৱৰি ক'লে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সংবাদমেলত সমষ্টিৰ উন্নয়নৰ এখন পুষ্টিকাও উন্মোচন কৰে ইউজি ব্ৰহ্মই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.