বালিপৰাত অন কেমেৰা ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : May 29, 2022, 9:24 PM IST

thumbnail

অন কেমেৰা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা (On camera Road accident)৷ দেওবাৰে শোণিতপুৰৰ বালিপৰাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো (Road accident at Rangapara)৷ এখন তীব্ৰ বেগী স্কুটিয়ে মহটিয়াই নিয়ে দুগৰাকী মহিলাক । যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় মহিলা দুগৰাকী ৷ দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ হৈছে AS 12 AA 9243 ৷ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, সুৰামত্ত অৱস্থাত আছিল স্কুটি চালকগৰাকী ৷ যাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত দুগৰাকী মহিলাৰ লগতে স্কুটি চালকগৰাকীও গুৰুত্বৰভাৱে আহত হয় ৷ তথ্য অনুসৰি, পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.