বৰ্তমানেও সন্ধান নাই কাজিৰঙাত ট্ৰাকত খুন্দাত আহত গঁড়টোৰ

By

Published : Oct 10, 2022, 10:00 PM IST

thumbnail

বৰ্তমানেও সন্ধান ওলোৱা নাই কাজিৰঙাত ট্ৰাকত খুন্দাত আহত হোৱা গঁড়টো (Rhinoceros injured in truck collision) ৷ বন কৰ্মীসকলে দিনে নিশাই গঁড়টোৰ সন্ধানত নামি পৰিছে ৷ ইতিমধ্যে বন বিভাগে হাতী আৰু দ্ৰুণৰ সহায়ত অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ উল্লেখ্য যে, দেওবাৰে নিশাৰ ভাগত গঁড়টো প্ৰত্যক্ষ কৰা হৈছিল যদিও বন বিভাগে সেই সম্পৰ্কে কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই । গঁড়টো উদ্ধাৰ হ’লে চিকিৎসাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে সাজু কৰি ৰাখিছে বন বিভাগে । ইয়াৰ উপৰিও এনিমেল কৰিড’ৰত (Animal Corridor in Kaziranga) কিছু সজাগ হৈ যান বাহন চলাবলৈ আহ্বান জনাইছে বন বিভাগৰ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.