কৰিমগঞ্জত কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ

By

Published : Sep 22, 2021, 1:30 PM IST

thumbnail

বৰপেটাৰ পৰা কৰিমগঞ্জলৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি মঙলবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হয় দুই সৰবৰাহকাৰী । সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী লগত যুটীয়াভাৱে অভিযান চলাই কৰিমগঞ্জৰ মোবাৰকপুৰৰ ৩৭ নং ঘাইপথৰ পৰা সৰবৰাহকাৰী দুটাক আটক কৰে ৷ সৰবৰাহকাৰী দুটাৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় ২০ হেজাৰ ইয়াবা টেবলেট জব্দ কৰে । জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাই টেবলেটখিনি কঢ়িয়াই অনা গাড়ীখনো জব্দ কৰিছে । আটকাধীন সৰবৰাহকাৰী দুটা ইছমাইল আলী আৰু হাজৰাৰ হুছেইন আলী বুলি জানিব পৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.