মহানগৰীত বলেৰ' বাহনৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

By

Published : Sep 26, 2022, 1:36 PM IST

thumbnail

গুৱাহাটীত ৰহজ্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ (Mysterious body found in Guwahati) ৷ সোমবাৰে পুৱা চচলত স্থানীয় কেইজনমান লোকে পথৰ দাঁতিত ৰখাই থোৱা ASO1-BM 2806 নম্বৰৰ এখন বলেৰ' বাহনৰ ভিতৰত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে (Body rescued in Guwahati) ৷ তেওঁলোকে লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় দিছপুৰ আৰক্ষীক অৱগত কৰে । তাৰ পিছতেই ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো কমলপুৰৰ কনকন কলিতা(২৭) বুলি চিনাক্ত কৰিছে ৷ গুৱাহাটীৰ ভাড়াঘৰত ভাৰতীয় হিচাপে থকা মৃত কংকনে আমিনগাঁৱৰ হিন্দুস্থান নামৰ এটা প্ৰতিষ্ঠানত গাড়ীচালক হিচাপে কৰ্মৰত হৈ আছিল ৷ অৱেশ্যে এই পৰ্যন্ত কংকন কলিতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ যদিও উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ কংকনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.