কলগাছিয়াত ৭৫ সংখ্যক স্বাধীনতাৰ বৰ্ষপূৰ্তি উপলক্ষে পথ মেৰামতি ৰাইজৰ

By

Published : Aug 14, 2022, 7:53 PM IST

thumbnail

উন্নয়নৰ শ্ল’গানেৰে এখনৰ পাছত আনখন চৰকাৰ সলনি হ’লেও কিন্তু সলনি নহ'ল ৰাজ্যৰ পথৰ অৱস্থা ৷ শেহতীয়াকৈ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছত চৰকাৰী আঁচনিৰ উন্নয়নৰ নামত ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে কলগাছিয়াত ৷ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো পকী নোহোৱা কলগাছিয়াৰ টাপেশ্বৰা গাঁৱৰ লাকী বজাৰৰ এটি গুৰুত্বপূৰ্ণ পথটো ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে (Local people repairs roads at Kalgachia) ৷ স্থানীয় জন প্ৰতিনিধিৰ হেমাহিৰ বাবে ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে এই কাৰ্য কৰিবলৈ বাধ্য হৈছে ৷ স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিও কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ ৭৫ সংখ্যক স্বাধীনতাৰ বৰ্ষপূৰ্তি (75th Years of Independence) উপলক্ষে দেওবাৰে চি পি আই এমৰ বালাগাঁও শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পথটো মেৰামতি কাৰ্যসূচী হাতত লয় (Road repaired by public by Kalgachia people) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.