IPS Anand Mishra: দুৰ্ঘটনাত পতিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

By

Published : May 7, 2022, 8:29 PM IST

thumbnail

কলিয়াবৰত দুৰ্ঘটনাত পতিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ ৰাইড অফ প্ৰাইড ৰেলীৰ(Ride of pride bike rally) জৰিয়তে কাজিৰঙাৰ দিশৰ পৰা কলিয়াবৰৰ দিশে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । জখলাবন্ধাৰ বাঘজানত গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আনন্দ মিশ্ৰ । ইয়াৰ পিছতে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোওৱা হয় আহত আনন্দ মিশ্ৰক । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেও জখলাবন্ধা চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয় । ভৰিত কম সামান্যভাৱে আঘাটপ্ৰাপ্ত হৈছে মিশ্ৰ । উশাহ-নিশাহতো কিছু কষ্ট হোৱাৰ বাবে অক্সিজেন দিয়া হৈছিল আনন্দ মিশ্ৰক । অৱশ্যে চিকিৎসাৰ অন্তত 'মই সুস্থ' বুলি চিকিৎসালয়ৰ পৰা ওলায়েই মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.