তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Oct 6, 2022, 5:46 PM IST

thumbnail

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health Minister Keshab Mahanta at Majuli) ৷ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যুৰ তদন্ত ঘোষণা কৰে(Tejaswita Baruah's death to be probed) ৷ মাজুলীৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকনৰ নেতৃত্বত এই তদন্ত চলাৰ কথাও সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ বুধবাৰে মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত মৃত্যু হয়(Garmur District Civil Hospital) ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে অক্সিজেনৰ অভাৱত তেজস্বিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে (Majuli Tejaswita Baruah Death) ৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ এই তদন্ত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে গড়মূৰ জিলা চিকিৎসালয়ৰ সকলোবোৰ সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ কথাও জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.