ক্ৰমাৎ বাঢ়িছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

By

Published : Jun 20, 2022, 4:41 PM IST

thumbnail

ক্ৰমান্বয়ে বাঢ়ি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী (Flood in Kaziranga National Park) ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত ৷ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলক বেছিকৈ প্ৰভাৱিত কৰে লুইতৰ বানে (Flood at Burapahar forest) ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰত থকা হাতী কেম্পো জলমগ্ন হৈ পৰিছে । ইতিমধ্যে উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৩৩ টা বন শিবিৰৰ ছয়টা বন শিবিৰ বানৰ কৱলত পৰিছে (Floods at 6 forest camps at Burapahar forest) । ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ গাতে লাগি থকা কাৰ্বি পাহাৰৰ দিশে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী, হৰিণা আদি জীৱজন্তু ঢাপলি মেলিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকল জীৱকুলৰ ৰক্ষাৰ বাবে ২৪ ঘণ্টাই সষ্টম হৈ থকা দেখা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.