হাউলীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক ব্যৱসায়ী

By

Published : Sep 18, 2022, 10:30 PM IST

thumbnail

বৰপেটাৰ হাউলীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক ব্যৱসায়ী (Drugs Peddler arrested with Drugs in Barpeta) ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো হাউলীৰ কঠলিঝাৰৰ লালচান আলী জানিব পৰা গৈছে । হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মিলন বজাৰত অভিযান চলাই জব্দ কৰে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । ড্ৰাগছখিনিৰ ওজন 27.36 গ্ৰাম হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে (Drugs seized in Barpeta) ৷ ইফালে স্থানীয়লোকে জনোৱা মতে মিলন বজাৰত ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আহি গ্ৰাহকৰ সন্ধানত আছিল ড্ৰাগছ ব্যৱসায়ীটো । আনহাতে ড্ৰাগছ ব্যৱসায়ীটোৱে ব্যৱহাৰ কৰা এখন ই-ৰিক্সা আৰু এটা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.