বাক্সাত জিলা উপায়ুক্তই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা

By

Published : Aug 15, 2022, 2:22 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা সদৰ মুছলপুৰতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় (76th Independence day of India) । মুছলপুৰ বাথৌগুৰী ক্ৰীড়া কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (76th independence day celebration In Baksa) । ইয়াৰ পিছত ত্ৰিৰংগ পতাকা উত্তোলন কৰে বাক্সা জিলাৰ উপায়ুক্ত মাছান্দা মেগডালিন পাৰ্টিনে(Baksa District Deputy Commissioner Masanda Magdalene Pertin) ৷ পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে । ইয়াৰ পিছত উপায়ুক্তগৰাকীয়ে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, আৰক্ষী-জোৱানৰ পৰা অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত জিলাখনৰ স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰায় সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.