Mob torches Batadrava police station case: বটদ্ৰৱা কাণ্ডৰে জড়িত আৰু দুই অভিযুক্ত আৰক্ষীৰ জালত

By

Published : May 25, 2022, 9:38 AM IST

thumbnail

পুনৰ আৰক্ষীৰ জালত বটদ্ৰৱা কাণ্ডৰ দুই অভিযুক্ত(Two accused involved in Batadrava incident detained) ৷ বটদ্ৰৱা থানা জ্বলাই দিয়া(Mob torches Batadrava police station case) ৰ ঘটনাত জড়িত আছিল অভিযুক্ত দুজন ৷ এই ঘটনাত জড়িত 34 জন অপৰাধীক চিনাক্ত কৰিছে নগাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে লাভ কৰা ভিডিঅ’ ফুটেজৰ ভিত্তিতে অপৰাধীক চিনাক্ত কৰি আটক কৰা হৈছে ৷ মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে আটক কৰা অভিযুক্ত দুজন হৈছে ক্ৰমে মজিবুৰ ৰহমান আৰু আশ্ৰফুল ইছলাম ৷ পূৰ্বে প্ৰকাশ পোৱা ভিডিঅ’ত স্পষ্ট হৈ পৰিছিল দুয়োৰে ছবি ৷ বৰ্তমানলৈকে বটদ্ৰৱা কাণ্ড(Tense Situation at Batadrava) ৰ সৈতে জড়িত 8 জন অভিযুক্তক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ চিনাক্ত হোৱা অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি সদৰি কৰে জিলা আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.