অহা ১ ডিচেম্বৰৰ পৰা তিলৈ নগৰত Sukapha Divas

By

Published : Nov 20, 2021, 7:05 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গ্ৰাম্যবজাৰ খেলপথাৰত অহা ১ আৰু ২ ডিচেম্বৰত দুদিনীয়াকৈ উদযাপন হ'ব সপ্তম বাৰ্ষিক কেন্দ্ৰীয় ছ্যুকাফা দিৱস (Sukapha Divas)। তদুপলক্ষে শনিবাৰে টাই আহোম (Tai-Ahom) জনগোষ্ঠীয় ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ (Chakradhar Gogoi), থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ (Sushanta Borgohain) লগতে উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে টাই আহোম যুৱ পৰিষদ অসম (TAYPA)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদককে আদি কৰি সংগঠনৰ বিষয়ববীয়া আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উক্ত অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে টাইপাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ছ্যুকাফা দিৱস সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগ কামনা কৰে । আনহাতে, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে কয় যে উক্ত অনুষ্ঠানত তেওঁ সহযোগ আগবঢ়াবলৈ আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.