আমগুৰিত চৰহা পোকৰ তাণ্ডৱত বিনষ্ট শস্য

By

Published : Sep 20, 2021, 1:26 PM IST

thumbnail

আমগুৰি সমষ্টিৰ দিখৌমুখত খেৰলৈ পৰ্যবেসিত হৈছে বৃহৎ অঞ্চলৰ কৃষিভূমি ৷ দিখৌমুখৰ ভৰলুৱা পথাৰৰ বৃহৎ একৰ কৃষি ভূমিত চৰহা পোকে চলাইছে ত্ৰাস ৷ যাৰ ফলত হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা নষ্ট হৈ যোৱাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে এই বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে ৷ এইক্ষেত্ৰত কৃষকসকলক শিৱসাগৰ জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে । বৃহত্তৰ দিখৌমুখ অঞ্চলৰ পাঁচখনৰো অধিক গাঁৱৰ কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হৈ উঠাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি তিলমানো গুৰুত্ব প্ৰদান কৰা নাই জিলা কৃষি বিভাগে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষত থিয় নিদিয়াৰ অভিযোগহে উত্থাপিত হৈছে । বানাক্ৰান্ত দিখৌমুখ অঞ্চলত এফালে যদি বালিয়ে বিস্তীৰ্ণ কৃষি ভূমি পুতি পেলাইছে, আনফালে চৰহা পোকৰ আক্ৰমণত খেতিয়কসকল সম্প্ৰতি দিশহাৰা হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.