জ্ঞানশ্ৰী বৰাক সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰাৰ সন্দৰ্ভত কৃষ্ণ গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Oct 30, 2021, 9:02 AM IST

thumbnail

ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাক সামাজিক মাধ্যমত একাংশ ব্যক্তিয়ে অশ্লীল মন্তব্য প্ৰদান কৰা কাৰ্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ৰাজনৈতিক বাদানুবাদৰ পিছতে বৰাৰ ফটো বিজেপিৰ IT শাখাই বিকৃত ৰূপত উপস্থাপন কৰি অশ্লীল বাক্যবাণ প্ৰয়োগেৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত ঘটনা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ থাওৰাৰ উপ নিৰ্বাচনৰ চিপিআই প্ৰাৰ্থী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ গগৈয়ে এয়া বিকৃত মানসিকতাৰ পৰিচয় ৷ আনৰ ফটো ব্যৱহাৰ কৰি অশ্লীল মন্তব্যৰে সামাজিক মাধ্যমত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উঠি-পৰি লগাতো কোনোপধ্যে সুস্থ গণতন্ত্ৰ বা সুস্থ সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি সদৰী কৰে ৷ সমাজৰ কুৰুচিপূৰ্ণ বিষয়ৰ পৰা আঁতৰি সকলোৱে সুস্থ সমাজ গঢ়িব লাগিব বুলি গগৈয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.