এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আলু, চাউল, কুঁহিয়াৰৰ পৰা উলিয়াব তেল

By

Published : Sep 30, 2021, 9:25 PM IST

thumbnail

মোক তেলীৰ মূৰত তেল দিছে । মই আলুৰ পৰা উলিয়াম তেল । কেৱল আলুৱে নহয় চাউল, কুঁহিয়াৰ, ধানখেৰ, বাঁহৰ পৰাও উলিওয়া হ’ব তেল । কামৰূপৰ চাংসাৰিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কৰিলে এই ঘোষণা । এয়া কোনো কাল্পনিক কথা নহয় বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে চাউলৰ পৰা তেল উলিওৱা হৈছে বুলিও সদৰি কৰে । কামৰূপ জিলাৰ চাংসাৰিত ই-শ্ৰম কাৰ্ডৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে বাৰে বাৰে জোৰ দিয়ে আলুৰ পৰা উলিওয়া হ’ব তেল । ইফালে নাগালেণ্ড, মণিপুৰ, মিজোৰামত থকা বৃহৎ তৈল্য ভাণ্ডাৰতো শীঘ্ৰে খনন চলাব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে । এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহৰ সৈতে আলোচনাত মিলিত হৈছে কেন্দ্ৰীয় চৰকাৰে । অইল মুখ্য কাৰ্যালয় এমাহৰ ভিতৰতে গুৱাহাটী লৈ স্থানান্তৰিত হ’ব বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে জালুকবাৰীৰ চাৰিশ বিঘা ভূমিত তেল মজুত কৰণৰ এক বৃহৎ ভাণ্ডাৰ নিৰ্মাণ হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.