বাক্সাৰ দীঘলদঙাত ৬৪ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

By

Published : Nov 12, 2021, 4:35 PM IST

thumbnail

খোল-তালৰ শব্দ, ৰাসৰ সুমধুৰ গীতেৰে মুখৰিত হৈছে গাঁৱৰ আকাশ-বতাহ । গাঁৱে গাঁৱে এতিয়া ৰাসৰ বাবে ব্যস্ততা । উজনি, মধ্য অসমত শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটকীয় ৰূপত উপস্থাপন কৰিবলৈ দিনে-নিশাই আখৰা কৰিছে গাঁৱৰ শিশু, যুৱক-যুৱতীসকলে । আনহাতে, নামনি অসমৰ বিভিন্ন ঠাইতো চলিছে ৰাস ৰাস মহোৎসৱৰ প্ৰস্তুতি । সাজি উলিওৱা হৈছে আটকধুনীয়া প্ৰতিমা । বিভিন্ন মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে বাক্সা জিলাৰ দীঘলদঙাবাসীও । দীঘলদঙাৰ মাদুলিবাৰীত ১৮ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৬৪ সংখ্যক ৰাস মহোৎসৱ । ৰাসৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে গাঁওখনত । ৰাস মহোৎসৱ কমিটীৰ সভাপতি যতীন নাথে জনোৱা মতে, এইবাৰ ক'ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাসৰ অনুষ্ঠানসমূহ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক'ভিড প্ৰট'কল মানি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ চেষ্টা কৰিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে । সকলো ভক্তপ্ৰাণ ৰাইজক মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ৷ অঞ্চলটোত বড়ো জনগোষ্ঠী, মুছলমান, নেপালী সম্প্ৰদায়ৰ লোকেও ৰাস উদযাপনত সহায় কৰে বুলিও তেওঁ জনায় । কাৰ্যসূচী অনুসৰি, ১৮ নৱেম্বৰৰ পুৱা ৯ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰিব পুজা কমিটীৰ সভাপতি যতীন নাথে । ইয়াৰ পিছতেই স্মৃতি তৰ্পন, বৃক্ষৰোপণ, চাফাই অভিযান আৰম্ভ হ'ব ৷ সন্ধিয়া ৬ বজাত মুখ্য দ্বাৰ মুকলি কৰিব বিটিচিৰ ই এম ঘনশ্যাম দাসে, মন্দিৰৰ দ্বাৰ মুকলি কৰিব বি চি বিদ্যাপীঠ এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিতেন্দ্ৰ নাথ দাসে । আনহাতে, পাৰ্ক মুকলি কৰিব ই এম ৰাকেশ ব্ৰহ্মই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.