বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ: উত্তপ্ত পৰিস্থিতি

By

Published : Jul 24, 2021, 1:06 PM IST

Updated : Jul 24, 2021, 6:47 PM IST

thumbnail

বাঘজান কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে ৷ 173 দিনৰ অন্তত নিৰ্বাপিত হৈছিল অভিশপ্ত বাঘজানৰ জুই ৷ কিন্তু আজিও শেষ হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা ৷ উচিত ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে ৷ শনিবাৰে পুনৰ বাঘজানত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকা প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চাৰ্জ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে ৷ বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ সমগ্ৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ ওপৰত শেহতীয়াকৈ অসমৰ বন বিভাগৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱৰ প্ৰতিবেদনত তথ্য প্ৰকাশ পোৱাৰ পাচতে পুনৰ ক্ষোভৰ জুই জ্বলিছে বাঘজানবাসীৰ মাজত ৷ শনিবাৰে পুৱা প্ৰতিকূল বতৰকো নেওচি বাঘজানবাসীয়ে বাঘজান কাণ্ডত ক্ষতিসাধন হোৱা 100% ক্ষতিপূৰণ বিচাৰি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লগতে সেনা নিয়োজিত কৰিছিল অইল ইণ্ডিয়া লিমিটেডে । অইল কৰ্তৃপক্ষই শনিবাৰে তেওঁলোকৰ সামগ্ৰীসমূহ নিবলৈ অহাৰ সময়তে বাঘজানবাসীয়ে আৰক্ষীৰ গালৈ শিল দলিওৱা পৰিলক্ষিত হয় ৷ ইয়াৰ পাছতেই আৰক্ষী আৰু বাঘজানবাসীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ ফলত উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

Last Updated : Jul 24, 2021, 6:47 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.