Goalpara BJP Yuba Morcha: গোৱালপাৰা বিজেপি যুৱ মৰ্চাৰ দায়িত্ব অৰ্পন পবিত্ৰ ৰাভাক

By

Published : Dec 1, 2021, 9:20 PM IST

thumbnail

বুধবাৰে বিজেপি যুৱ মৰ্চাৰ গোৱালপাৰা জিলা কমিটিৰ নৱনিযুক্ত সভাপতি পবিত্ৰ ৰাভাক কাৰ্যভাৰ অৰ্পন কৰা হয় । বিজেপি যুৱ মৰ্চাৰ (Goalpara BJP Yuba Morcha) নৱনিযুক্ত সভাপতিগৰাকীক কৰ্যভাৰ অৰ্পনৰ উদ্দেশ্যে গোৱালপাৰা জিলা বিজেপিৰ কাৰ্যালয় (Goalpara District BJP Office)ত আয়োজন কৰা হয় এখনি সভাৰ ৷ এই সভাত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি হিমাদ্ৰী দাস, জিলা বিজেপিৰ কোষাধক্ষ্য দীপক নাথ, যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি ধনজীৱ ৰাভাৰ লগতে জিলা বিজেপি আৰু যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকল ৷ এই সভাতে সভাপতি হিমাদ্ৰী দাসে যুৱ মৰ্চাৰ নৱনিযুক্ত সভাপতি গৰাকীক উৎসাহ জগোৱাৰ লগতে অনাগত দিনত জেষ্ঠ সকলৰ পৰামৰ্শৰে কাম কৰি আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগায় ৷ আনহাতে, এই সভাৰ অন্তত প্ৰাক্তন সভাপতি ধনজীৱ ৰাভাই নৱনিযুক্ত সভাপতি পবিত্ৰ ৰাভাৰ (Newly Appointed Goalpara BJP President pabitra Rabha) হাতত সকলো দায়িত্বভাৰ অৰ্পন কৰে । অনাগত দিনত যুৱ মৰ্চাক ভালদৰে চলাই নিয়াৰ লগতে গোৱালপাৰাৰা পৌৰ নিৰ্বাচন (Goalpara Municipality Election)তো দলৰ হৈ কাম কৰিব বুলিও নৱনিযুক্ত সভাপতি পবিত্ৰ ৰাভাই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.