Withdrwal of Assamese language from APSC : দল সংগঠনৰ প্ৰতিবাদ

By

Published : Nov 27, 2021, 9:53 PM IST

thumbnail

ৰাজ্যৰ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বাতিল(withdrawal of mandatory Assamese paper from APSC exam) কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মৰাণৰ দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে । চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষাক অপমান কৰাৰ লগতে চৰকাৰে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে টাইপা(টাই আহোম যুৱ পৰিষদ)ৰ কেন্দ্ৰীয় উপ-সভাপতি উত্তম দিহিঙীয়াই । আনতে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কয় আহোম জাতীয় গণ মঞ্চৰ সহকাৰী সম্পাদক অকণ ভূঞাই । লগতে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ভাষাৰ কাৰণে আন্দোলন কৰি যি সকল শ্বহীদ হ'ল সেই সকলৰ ত্যাগক অপমান কৰিছে চৰকাৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.