উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

By

Published : Sep 22, 2021, 4:55 PM IST

thumbnail

বুধবাৰৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে ৷ কাৰ্যসূচী মতে, ১০ বজাত বিষয় ববীয়া সভা, ১ বজাত পঞ্জীয়ন, ২ বজাত পতাকা উত্তোলন, বৃক্ষ ৰোপন, প্ৰদৰ্শনী উন্মোচন, ২-৩০ বজাত কাৰ্যনিৰ্বাহক সভা, নিশা ১০-৩০ বজাত ধন্যবাদ সূচক ভাষণ । প্ৰথম কাৰ্যসূচী মতে বিষয় ববীয়া সভাখন অনুষ্ঠিত হ'ৱ আমিনগাওস্থিত লোকনিৰ্মাণ বিভাগৰ অতিথি শালাত । বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই পৌৰোহিত্য কৰিবলগীয়া সভাখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম প্ৰভাৰী বৈজয়ন্তী পাণ্ডা , বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকিব । সভাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত আটক ধুনীয়া পেন্দেল সজাই পৰাই তোলা হৈছে । ব্ৰহ্মপুত্ৰ নৈ পাৰৰ এক নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী । মধ্যমখণ্ডস্থিত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাৰ প্ৰাংগণত সাজু কৰা হৈছে শীত তাপ নিয়ন্ত্ৰিত ২৬ হাজাৰ বৰ্গ ফুটৰ এটা বিশাল পেণ্ডেল । দুদিনীয়া কাৰ্যনিৰ্বাহকত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংসদ, মন্ত্ৰী সকল, বিধায়ক সকলকে ধৰি ৰাজ্য খনৰ ৬০০ শতাধিক বিষয়ববীয়া অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.