তেজপুৰ জাহাজ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ এনডিআৰএফৰ অভিযান

By

Published : Sep 11, 2021, 3:55 PM IST

thumbnail

নিমাতীঘাট নাও দুৰ্ঘটনাৰ পাচতে সন্ধানহীন লোকসকলক বিচাৰি ব্ৰহ্মপুত্ৰৰ বুকুত এনডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইতিমধ্যে দুৰ্ঘটনাৰ পাচতে সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে যদিও এতিয়াও ডাঃ বিক্ৰমজিৎ বৰুৱাৰ কোনো সন্ধান লাভ কৰা নাই ৷ এই শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন ডাঃ বিক্ৰমজিৎ বৰুৱাৰ সন্ধানত শনিবাৰে পুৱা এনডিআৰএফৰ 12 নং বেটেলিয়নে তেজপুৰ জাহাজ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ উদ্ধাৰ অভিযান চলায় ৷ বিগত চাৰিদিন ধৰি এনডিআৰএফৰ দলে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.