Drugs peddler arrest : নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই সৰবৰাহকাৰী

By

Published : Nov 28, 2021, 7:45 PM IST

thumbnail

পিষ্টল আৰু সজীৱ গুলীসহ নগাঁও আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী(Nagaon Police arrested two drugs peddlers) ৷ এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই সৰবৰাহকাৰী দুটাৰ পৰা পিষ্টল, সজীৱ গুলিসহ নিচাজাতীয় সামগ্ৰীও(Drugs Seized in Nagaon) জব্দ কৰিবলৈ সক্ষম হৈছে ৷ নগাঁৱৰ ৰাঙলু অঞ্চলত নিশা চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে এটা পইণ্ট থ্ৰী টু পিষ্টল, 9 জাঁই সজীৱ গুলি, এটা মেগজিনৰ লগতে নিচাজাতীয় সামগ্ৰী জব্দ কৰে । লগতে অবৈধ মাৰণাস্ত্ৰসহ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযুক্ত ফৈজুল ইছলাম আৰু ছিদ্দিক আলীকো আটক কৰে আৰক্ষীৰ দলটোৱে । ধৃত ফৈজুল আৰু ছিদ্দিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.