সৰভোগৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ উন্নয়নত গুৰুত্ব নিদিলে ৰণজিৎ দাসে : মনোৰঞ্জন তালুকদাৰ

By

Published : Nov 9, 2021, 10:36 AM IST

thumbnail

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Ranjeet Kumar Das)ক সমালোচনা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ(Manoranjan Talukdar)ৰ ৷ সৰভোগ সমষ্টি(Sarbhog Constituency)ত বিধায়ক হৈ থকাৰ সময়ত বিগত দহটা বছৰে সৰভোগৰ সংখ্যালঘু অঞ্চল আৰু বিটিআৰ(BTR)ৰ সংখ্যালঘু অঞ্চলৰ বাট-পথ উন্নয়ন বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰণজিৎ কুমাৰ দাসে ৷ একেটা পথত তেওঁ তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰিছে যদিও আজি পৰ্যন্ত পথটো মেৰামতি হোৱা পৰিলক্ষিত নহ’ল ৷ আনকি সমষ্টিটোৰ সংখ্যালঘু অঞ্চলৰ বাট-পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰত সাম্প্ৰদায়িক দৃষ্টি নিক্ষেপ কৰিছে মন্ত্ৰী দাসে ৷ এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধে কঠোৰ সমালোচনাত ব্যস্ত হোৱা দেখা যায় সৰভোগৰ বিধায়কগৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.