মাণিকপুৰৰ গেছ এজেঞ্চীত দুষ্কৃতিকাৰীৰ আক্ৰমণ

By

Published : Oct 12, 2021, 9:12 AM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জাকুৱাপাৰাস্থিত 'জেউতি ভাৰত গেছ গ্ৰামীণ বিতৰক' কেন্দ্ৰত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মাণিকপুৰৰ একমাত্ৰ গেছ এজেঞ্চীটোত বাইকেৰে অহা দুষ্কৃতিকাৰীয়ে বিদ্যুতৰ মিটাৰ, হেল’জেন লাইট, বেনাৰ, পোষ্টাৰৰ লগতে গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে । কাৰ্যালয়ত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে ওচৰতে থকা আন এঘৰ মানুহে শব্দ শুনি বাহিৰলৈ ওলাই আহে যদিও দুষ্কৃতিকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনা সংক্ৰান্তত গেছ এজেঞ্চীটোৰ স্বত্বাধিকাৰীয়ে মাণিকপুৰ থানাত গোচৰ ৰুজু কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.