নিমাতীঘাটত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Sep 9, 2021, 10:18 AM IST

thumbnail

বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে পুৱা নিমাতীঘাটত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰীগৰাকীয়ে নিমাতীঘাটতে প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হ’ব ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত গ্ৰহণ কৰা কথা সদৰী কৰে ৷ তেওঁ লগতে অতি শীঘ্ৰে ইয়াৰ পৰা ৰপেক্স জাহাজ চলোৱাৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত সাংসদ তপন গগৈ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.